বেটুপাত

বেটুপাত

Saturday, 14 October 2017

"তই মাতাল হ"

তই মাতাল !

মাতাল ৰাতিত সোঁৱৰিবি মোক

তোৰ আকুল কণ্ঠেৰে নিগৰিব

"তোক মই মৰম কৰোঁ !"


তই মাতাল !

তোৰ মাতাল ৰাতি সাৰে থাকিব মোৰ দুচকুত

কবিতাৰে যাপন কৰিম ৰজনী,

নালাগে সোনৰ ৰহঘৰা

নালাগে ৰূপৰ বনকৰা;

ডোৰোল লগা তোৰ মুখগহ্বৰৰ পৰা ওলাওক

"এবাৰ সাবটি ধৰ না! মোৰ ভয় লাগে

তোৰ পৰা আতৰি যোৱাৰ আশংকাত!"


তই মাতাল !

তোৰ ৰাতিবোৰ মোৰ হওক

মোৰ বুকুত তোৰ সপোন ফুলক

তোৰ আহ্বানত উদং কৰিম মোৰ আভৰণ

তোকেই সপিম সৰ্ব সত্তা।


তই মাতাল !

মাতাল ৰাগিত খেলিম আলিংগনৰ খেলা


তোৰ বুকুত সিঁচিম ভালপোৱাৰ কঠিয়া

দিপিকা ডেকা

No comments:

Post a Comment