বেটুপাত

বেটুপাত

Sunday, 15 October 2017

সম্পাদকীয়

"তুলসীৰ তলে তলে মৃগপহু চৰে

তাকে দেখি ৰামচন্দ্ৰই শৰধনু জুৰে"

এজাক সমবয়সীয়া শিশু তুলসীজোপাৰ চাৰিওফালে ঢাৰি পাৰি বহিছিলসমস্বৰে চিঞৰি চিঞৰি গাইছিল সন্ধিয়া  আড়ম্বৰহীন আছিল সেই আয়োজন  ঘৰে ঘৰে তুলসীৰ তলত চাকি জ্বলিছিলপথাৰখনটো আশাবোৰৰ সাক্ষী হৈ জ্বলি ৰৈছিল মাটিৰ চাকিবোৰ।
       সেউজীয়া পথাৰখনৰ গাখীয়তী  গেঁহবোৰ লাহে লাহে সোণবৰণীয়া হবকৃষকৰ  বোকাবুলীয়া কলাফুলৰ কষ্টই দুবাহুত ডাঙৰি হৈ জুৰাব  বছৰতোলৈ লখিমীয়ে ভৰাই তুলিব  টুটি অহা ভঁৰালঘৰটোএই পাৰ্থনা কৰি সকলোৱে এগছি চাকি আগবঢ়াব নেদেখাজনলৈ। কৃত্ৰিম জীৱনশৈলীত অভ্যস্ত হৈ পৰাৰ আপাহত আমি কিছু এৰা ধৰা কৰিলেও এতিয়াও সম্পূৰ্ণৰূপে নিজস্বতা হেৰুৱাই পেলোৱা নাই সেইটো নিশ্চিতভাৱে অসমীয়া জাতিৰ বাবে ভাল খবৰ কাৰণ নিজস্ব সংস্কৃতি পাহৰি এই বিশ্বায়নৰ ধামখুমীয়াত অস্তিত্ব হেৰুৱাৰ আশংকাই অধিক 
        কাতিৰ কুঁৱলী আস্বাদিত পুৱাবোৰৰ পিছতে আঘোণ আহিব  সোণোৱালী পথাৰখনলৈ ঢপলিয়াই যাব কৃষকসমাজসোণগুটি চপাবলৈ।

আগন্তুক কাতি বিহু আৰু পোহৰৰ উৎসৱ দিপাৱলীৰ শুভ কামনাৰে

সম্পাদিকা
কাজল প্ৰিয়া

No comments:

Post a Comment