বেটুপাত

বেটুপাত

Sunday, 15 October 2017

মোৰ অনুভৱত প্ৰথম প্ৰেম



মোৰ অনুভৱত প্ৰথম প্ৰেম সেইয়া নহয় যি তোমাৰ জীৱনলৈ প্ৰথম আহিছিল ,মোৰ অনুভৱত প্ৰথম প্ৰেম সেইয়া যি তোমাক প্ৰথম প্ৰেমৰ অনুভৱ কি শিকাইছিল । যি তোমাৰ জীৱনলৈ আহিছিল প্ৰেমৰ সঁচা অনুভূতি লৈ । সেইয়া তোমাৰ প্ৰথম প্ৰেম যাৰ জৰিয়তে তুমি হাঁহিবলৈ শিকিছিলা আৰু যিয়ে তোমাৰ যৌৱনৰ ধৰাত বোৱাইছিল ভালপোৱাৰ প্ৰথম জাক বৰষুণ …………
   আৰু সেইজাক বৰষুণত তিঁতি  তুমি জীৱনত প্ৰথম বাৰলৈ অনুভৱ কৰিছিলা প্ৰকৃততে প্ৰেম মানেনো কি,,,?দেখিছিলা ভবিষ্যতৰ সপোন । প্ৰেৰনা পাইছিলা জীৱনটো মৰমৰ অনুভৱেৰে জীয়াই থকাৰ।
  জীৱনত বহুবাৰ প্ৰেম আহিব পাৰে কিনতু যেতিয়া তুমি প্ৰেমৰ প্ৰকৃত অনুভৱ বুজিব পাৰা সেইয়াহে তোমাৰ প্ৰথম প্ৰেম , বাকীখিনি সময় যৌৱনৰ কিছু ভাললগা মুহুৰ্তহে মাথোন, যি তোমাৰ মানসপটত সদায় সজীৱ হৈ থাকিব।
 সচাকৈয়ে প্ৰেম এক মিঠা অনুভূতি, ' পাৰে প্ৰেমৰ অনুভৱ ক্ষণতেকীয়া ক্ষণিকৰ মাজতে প্ৰেমে হৃদয়ত যি ছৱি আঁকে সি কেতিয়াও মছ নাখায়,, "Love Opens the door of heart never to close again"…


     
                  
  মুনমী নেওগঁ 
  মাজুলী বনগাঁও

No comments:

Post a Comment