বেটুপাত

বেটুপাত

Sunday, 15 October 2017

পাগলী নে অভিনয়




          এইবাৰ কলেজৰ বন্ধত অলপ দীঘলীয়াকৈ ঘৰত আছিলো ষান্মাসিকৰ পৰীক্ষা শেষ হোৱাৰ পাছৰ পৰা গৰমৰ বন্ধৰ মাহটো এক দীঘলীয়া সময় ঘৰতে থাকি আমনি লাগিলে কেতিয়াবা ওচৰে-পাজৰে অলপ ওলাই যাওঁ সেইদিনা দেউতাৰ লগত বজাৰলৈ বুলি গৈছিলো তেতিয়া বহুত দিনৰ মূৰত বজাৰত তাইক দেখিছিলো দেউতাই দোকানী এজনৰ লগত কথাত ব্যস্ত হৈ আছিল তাই সম্ভৱ দূৰৰ পৰাই আমাক লক্ষ্য কৰি আছিল হঠাৎ তাই আমাৰ ওচৰলৈ আহি দেউতাক নামকাঢ়ি মাতি কৈছিল ---

, পইচা দহ টকা দিয়া (তাই চিনাকী-অচিনাকী নিৰ্বিশেষে সকলোকে তেনেদৰেই খুজে)

মোৰ ওচৰত দহটকা নাই নহয় (দেউতাই লে, কাৰণ তেওঁ জানে এদিন দিলে তাই সদায় বিচাৰিব)

          তাই বুলি কৈ আঁতৰি কিন্তু আলেঙে আলেঙে আমাক লক্ষ্য কৰিব নেৰিলে দেউতাও ব্যস্ত হৈ পৰিল দোকানীৰ লগত হিচাপ নিকাচত কিছু সময়ৰ পাছত তাই পুনৰ আমাৰ ওচৰলৈ আহি দেউতাক লে ---

তুমি চোন পইচা নাই বুলি কৈছিলা

দহ টকাৰ নোট মোৰ ওচৰত নাই নহয় (দেউতাই লে)

তেন্তে তোমাৰ হাতত থকা পঞ্চাশ টকাটোকে দিয়া (তাই দেউতাৰ হাতত দোকানীজনৰ পৰা লোৱা পঞ্চাশ টকাৰ নোটটো দেখিছিল)

           তাইৰ হাত সাৰিবলৈ দেউতাই তাইক পঞ্চাশ টকাৰ নোটটো দি দিলে তেওঁ নিদিও বুলিনো কেনেকৈ, পাগলী লেও তাই যে এসময়ৰ দেউতাৰ সহপাঠী


          তাইক বহুতবাৰ মই ওচৰৰ পৰা লগ পাইছো লগপালে সদায় লক্ষ্য কৰো তাইক, একমাত্ৰ তাই পিন্ধা মলিয়ন শাৰীখন দেখিলেহে অনুভৱ হয় তাই যে পাগলী তাইৰ লগত কথা পাতিলে তাই প্ৰকৃততেই পাগলী নে পাগলীৰ অভিনয় কৰে সেয়া সন্দেহ ওপজে এৰা, পাগলী লেও তাই পাহৰি নাযায় যে তাই বি. পাছ


          তাইৰ ঘৰ মোৰ মামাহঁতৰ গাঁৱতে হোৱাৰ বাবে সৰুৰে পৰা তাইক দেখি আহিছো মা, দেউতা আৰু বহুতৰে মুখৰ পৰা তাইৰ অতীত কাহিনী শুনিছো আমাৰ অঞ্চলটোৰ প্ৰতিখন গাঁৱৰ মানুহে চিনি পায় তাইক মইয়ো মনত থকা দিনৰে পৰা শুনিছো তাইৰ নাম তাই আন কোনো নহয়, ভৰ যৌৱনত নিজৰ ৰূপ-গুণক লৈ অহংকাৰ কৰা নিৰু পাগলী তাই এতিয়াও তাই নিজক লৈ গৌৰৱ কৰে, কাৰণ তাই বি. পাছ


          মায়ে কেতিয়াবা কয় তাইৰ কথা জন ককায়েকৰ তাই যে আছিল একমাত্ৰ নুমলীয়া ভনী সিঁহতৰ ঘৰখনো আছিল ধনে-ধানে অৱস্হাসম্পন্ন গাঁৱৰে চহকী এটি পৰিয়াল তাই পঢ়াত আছিল মেধাৱী লগতে ৰূপে-গুণেও অপৰূপা ৰূপৰ গৌৰৱে তাইক অহংকাৰী কৰি তুলিছিল, সাধাৰণ মানুহক মানুহ বুলি গণ্যই নকৰিছিল তাই স্কুল আৰু কলেজীয়া দিনত বহু ৰা তাইৰ কাৰণে আছিল একো একোজন পাগল প্ৰেমিক কিন্তু তাই সিঁহতক হেয় জ্ঞান কৰিছিল তাইৰ বাবে ৰাবোৰ বলিয়া দেখি গৌৱৰ কৰিছিল, তাই যে ৰূপৱতী


          লাহে লাহে তাই বিয়াৰ উপযুক্ত বয়সত ভৰি দিলে, তেতিয়া তাইৰ ঘৰলৈ ভাল ভাল সম্পৰ্কৰ সোঁত ববলৈ ধৰিলে তাইৰ এটাই অহংকাৰ আছিল তাই বি. পাছ আৰু দেখিবলৈও ধুনীয়া সেয়ে তাই এলা-পেচা ৰাৰ লগত বিয়াত নবঢ়ে তাইৰ দৰা কেৱল ভাল চাকৰিয়াল লেই নহ, দেখাতো তাইৰ দৰেই লাগিব সুদৰ্শন যুৱক দৰা বাচোতে এসময়ত তাইৰ বয়সেও ভাটি দিলেগৈ দৰা বিচাৰিবলৈ বাদ দি এজন ককায়েকে গুৱাহাটী মহানগৰীত তাইৰ বাবে খুলি দিলে এখন বিউটি পাৰ্লাৰ কিন্তু তাই মহানগৰীৰ পাৰ্লাৰ এৰি এদিন উভটি আহিল গাঁৱৰ ঘৰলৈ এসময়ত তাইৰ ককায়েক কেইজনো ভাগ ভাগ হৈ তেওঁলোকৰ সংসাৰত সোমাই পৰিল মাক-দেউতাকৰ মৃত্যুৰ পাছতো গাঁৱৰ মাজৰ নিৰ্জন ঘৰতোত তাই অকলে থাকে বৰ্তমানলৈকে


          এখন মলিয়ন শাৰী পিন্ধি হাতত এটি পলিথিন লৈ (তাত হয়তো তাই চাৰ্টিফিকেটবোৰ লৈ ফুৰে) তাই অঞ্চলটোৰ অলিয়ে-গলিয়ে, বিয়া-সবাহে সকলোতে ঘূৰি ফুৰে কেতিয়াবা দোকানবোৰত চাউল দুটকা বিচাৰে নতুবা কাৰোবাক পইচা কোনাবাই যদি তাইক কাৰোবাৰ ঘৰত কাম কৰিবলৈ কয়, তেতিয়া তাই এটাই মাথো কথা কয় যে তাই বি. পাছ সেয়ে আনৰ ঘৰত বন কৰি নাখায় এই বি. পাছৰ ডিগ্ৰীটো থকাৰ অহংকাৰতে তাই আজিও জীৱন কটাইছে আবিয়ৈ হৈ তাইৰ লগত কথা পাতিলে মোৰ কেতিয়াবা সন্দেহ উপজে, তাই বাৰু সঁচাই পাগলীনে !!! এৰা, প্ৰকৃততে তাই পাগলী নহয়, ৰূপৰ অহংকাৰ আৰু আত্ম গৌৰৱেহে তাইক পাগলী সজালে


ৰিম্পী গগৈ

জগন্নাথ বৰুৱা মহাবিদ্যালয়

No comments:

Post a Comment