বেটুপাত

বেটুপাত

Saturday, 14 October 2017

মহানগৰীত এটা ৰহস্যময় সন্ধিয়া


সিদিনা তুমি দীঘলী পুখুৰীত ৰৈ থকা বুলি কৈছিলা।


পানবজাৰেদি হেনো আফ্ৰিন গৈছে,

পদপথিক বোৰে জুমি জুমি চাইছে।


বেশ্যা  এজাকে বৰষুণত তিতিছে, আবতৰীয়া  এজাক  অশ্লীল বৰষুণত!


সৌৱা, সৌ  সৌৱা, আফ্ৰিন……

আফ্ৰিন আমিবোৰৰ বিজ্ঞাপনৰ দুৰ্বলতা ??


হয়,   সিদিনাই যান-জঁটৰ ফলত অন্তঃসত্বা মাতৃ এগৰাকীৰ শ্বাসৰুদ্ধ হৈ ঢুকাইছিল ???


……ঠিকেইতো সিদিনাই   আফ্ৰিন আহিছিল পানবজাৰলৈ ???


সিদিনা মই  ব্যস্ত আছিলো গাঁৱত।

সিদিনা মই  'সুবালা  পাত লুটিয়াই  হৈ আছিলোঁ বৰ বিষণ্ণ !


টেলিফ'নত তুমি কৈছিলা:--

বেশ্যাৰ বুকুৰ বেথা তুমি কিয় লিখা? প্ৰতিবন্ধী আখ্যা কিয় দিয়া সিহঁতক ??


মই প্ৰত্যুৎপন্নমতি হৈ কৈছিলো:--

ভিক্ষাজীৱী বন্দী নাৰীৰ বুকুৰ বেথা মোৰ দুৰ্বলতা ! মই সহ্য কৰিব নোৱাৰোঁ সিহঁতৰ আৰ্তনাদ……

তুমি প্ৰত্যাখ্যান কৰি কৈছিলা:--

ৰাজনীতিকৰ স্বদেশত শোষণ লুণ্ঠনৰাজ, ১৯৭৯ৰ  বিপ্লৱীক ৰহস্যমূলক গুপ্তহত্যা, বুদ্ধিজীৱীৰ ভণ্ডামি--দালালৰাজ, ঠিকাদাৰৰ দেহ ব্যৱসায়, পুলিচৰ গুণ্ডাগিৰি--দাদাগিৰি, দগাৱাজ সাংবাদিকৰ লুণ্ঠনৰাজ, ডাক্তৰৰ ডকাইতি, হত্যাকাৰীৰ মুক্তবিচৰন, বিক্ৰি যোৱা হাকিমৰ দণ্ডবিধিৰ অনিয়ম-----নিলিখা  কিয়??



মই  হাৰি  যাওঁ,

মই বাৰে বাৰে তোমাৰ ওচৰত হাৰি যাওঁ!!


তুমি লিঅ'নাৰ্ড' দ্যা ভিঞ্চিৰ  মনালিছা ' খোজা ??


তুমি  ডান্টেৰ বিয়েট্ৰিছ ' খোজা ??


তোমাৰ সপোনৰ  মই  কোনো  অৰ্থ  উলিয়াবলৈকে  নোৱাৰিলোঁ


তোমাৰ  সংজ্ঞা মোৰ কল্পনাৰ বাহিৰত !!


মই  অসমৰ্থ পদপথৰ ভিক্ষুক!

দুৰ্গন্ধ নলা এটাৰ কাষত যেতিয়া মই  ফ্লেক্ হুঁপি ৰৈ থাকো, চিনাকি বাছ এখনলৈ,


তেতিয়া তুমি মোক বেমেজালি প্ৰশ্ন কৰি আমনি কৰা---হেই, হেই  কি কৰিছা  ইয়াত।


চিৰি যোৱা মোৰ  শ্বাৰ্টতো দেখি তুমি ধাৰণা কৰা

নিৰৰ্থক মই  এটা মহানগৰৰ  অশ্লীল প্ৰেমিক!!



ৰাজ কুমাৰ তামুলী

No comments:

Post a Comment