বেটুপাত

বেটুপাত

Saturday, 14 October 2017

সেউজ-যাত্ৰা

কবিতা কবিতা লগা

তোমাৰ কথাবোৰ

কেতিয়াবা আকৌ

গানৰ মৃদু লহৰ হৈ

মানসপটত ভাহি উঠে

সেউজীয়া পথাৰখন দেখিলেই

তোমালৈ মনত পৰে

এই যে ৰংবোৰ !

কিমান যে ৰহস্যময়ী

বাস্তৱতাৰ হাঁকোটিৰেওঁ স্পৰ্শাতীত

মায়াময় জীৱনৰ ৰঙবোৰ

কেতিয়াবা,

শস্য-সোণোৱালী কেচাঁ মাটিতেই

সফলতাৰ গোন্ধ লভো

কেতিয়াবা আকৌ,

তোমাৰ সেই অনৰ্গল কথাৰ মাজতেই

বিচাৰি পাওঁ………

জীৱনৰ প্ৰকৃত সোৱাদ


        
ধৰ্মজিত বড়া

কলিয়াবৰ মহাবিদ্যালয়

        

No comments:

Post a Comment