বেটুপাত

বেটুপাত

Sunday, 15 October 2017

অৰণ্যৰ ভিতৰ চ'ৰাত

সন্ধিয়া ভাত কেইটা খায়ে সাজু হওঁ অৰণ্যৰ ভিতৰত থকা টংচিটোলৈ। কেতিয়াবা লৈ যোৱা হয় নিশাৰ ভাত সাজ। শিৱিৰৰ পৰা টংচিৰ দুৰত্ব  দুই কিলোমিটাৰ মান 'ব। লুং- লুঙীয়া হাবিৰ পথ। পথটোৰে গৈ থকাত হঠাৎ সন্মুখত গঁড়, হাতী, বাঘ ওলায়। সিহঁতক খেদি মেলিহে নিশা টংচি পাওঁ গৈ। আন্ধাৰেই থাকক বা জোনাকৰ পোহৰেই থাকক, বৰষুণ আহক বা ধুমুহাই আহক টংচিত যাবই লাগিব এদিন এৰি এদিন সলনা-সলনিকৈ। কেইবাদিনো মাক-পোৱালী গঁড়ৰ আগত ওলাইছিলো। মাক-পোৱালী গঁড়ৰ আগত ওলালেই আগতেই পোৱালীটোয়ে মানুহৰ ওচৰলৈ আহিব বিচাৰে। হঠাৎ পোৱালীটো আগবাঢ়িলেই মাকে খেদিবলৈ আহে ধেৰ ধেৰাই বিকত শব্দ কৰি মুখ মেলি কামুৰিবলৈ খেদি আহে। সময়ত গুলি ফুটাবলৈয়ো নোৱাৰা হৈ পৰো। জানোচা গুলি কৰোতে গঁড়ৰ গাতেই লাগে। গঁড়ৰ আক্ৰমণতে বহুজন সহকৰ্মী আহত আৰু নিহত হৈছিল চকুৰ আগত। যিমানেই সাহসী নহওঁক কিয় মাক-পোৱালী গঁড়ৰ খেদা যি সকলে পাইছে সেই সকলে দেখিলেই আগতেই পলাব ধৰে।

এদিন সন্ধিয়াৰ ঘটনা এটিৰ কথা। শিৱিৰৰ ওচৰে পাজৰে দুটা মতা-মাইকী গঁড়ে খেদা-খেদি কৰি দৌৰি আছিল। এসময়ত গৈ যেনিবা মাইকী গঁড় জনীক মতাটো বশ কৰি ওপৰত উঠি 'লে। মাইকীজনীয়ে মতাটোক পিঠিৰ ওপৰতে উঠা লৈ ঘুৰাই  ফুৰিছে। মাজে মাজে সুহুৰী বজোৱাৰ দৰেও শব্দ শুনি থাকিলো। সন্ধিয়া পাৰ হৈ যোৱাত টংচিলৈ ওলাবৰ সময় 'ল। জানুৱাৰী মাহ কুৱঁলীত একো নেদেখি টৰ্চৰ পোহৰেও কাম নিদিয়ে তেনেদৰেই আন্দাজ মতে গৈ আছিলো লুং- লুঙীয়া পথটোৰে তিনিজন। পিঠিত বান্ধি লৈছিলো সাধাৰণ কম্বল এখন এখন প্ৰতিজনে। শিবিৰৰ পৰা গৈ ঘন জোপোহাৰ বনৰ মাজ মান পাইছিলোহে। হঠাৎ টৰ্চৰ পোহৰত গঁড় দুটাক দেখি সিহঁতৰ গাত পোহৰ পৰাৰ লগে লগে মতাটোয়ে মাইকী জনীৰ পিঠিৰ পৰা নামিয়েই আমালৈ খেদি আহিল। এটা 'লেই কথা সুকিয়া আছিল। সমান সমান এহাল সিহঁতৰ প্ৰেমকৰ্মত আমি বাধা স্বৰূপ হৈ পৰিছিলো। এহাতে টৰ্চ এহাতে ৰাইফল। লগৰ জামালউদ্দিন গৃহৰক্ষী জনক টৰ্চ দি মই গুলি কৰিবলৈ ধৰিলো। চাৰি ৰাউণ্ড মুখৰ আগত। গুৰুম গুৰুম কৈ ফুটাও মাটিবোৰ চিটিকি কাণে মুখে পৰা দেখিছিলো। এবাৰ পিচলৈ এবাৰ আগলৈ অহা-যোৱা কৰি আছিল। ৰাইফলৰ নলী ওপৰলৈ কৰিবলৈয়ো মই সময় পোৱা নাই। গঁড়টো মোৰ মুখৰ আগত এই মোক এই কামুৰিবলৈ ধৰে ধৰে। পিচত থকা জনক চিঞৰিলো-
কুৰ্মী ওচৰলৈ আহ কাপোৰ পেলায় দে সিহঁতৰ মুখত। এপাকত মোৰ মুৰৰ টুপি খুলি পেলায় পিচুৱাই আহিলো। প্ৰথম গুলিৰ শব্দত মাইকী জনী অন্যফালে হাবিৰ মাজেৰে হৰহৰাই দৌৰ। মুৰৰ টুপিটো দলিয়াই দিয়াৰ লগে লগে টুপিত কামুৰি জোকাৰিব ধৰিলে খঙত। তিনিও পিচুৱাই পিচুৱাই ইকাৰৰ জোপাহাৰ আৰ লৈ লুকাই পৰিলো। সেইদিনা দেখিছিলো গঁড়ৰ নিশাৰ ৰুদ্ৰ মুৰ্তী সচাৰচৰ নিশা লাইটৰ পোহৰ পালে নেখেদে যদিও অভং ধৰণৰ ইহঁতৰ স্বভাব।মুখৰে ধেৰ ধেৰণী কৰাত ধোৱা ওলায় থকা দেখিছিলো। মোক যদি সিদিনা কামুৰিব পাৰিলে হয় কিমান যে টুকুৰা টুকুৰী কৰিলে হয় গঁড়টোহে জানিলে হেঁতেন। বহু সময় জোপাহাৰ আৰ লৈ থকাৰ পিচত গঁড়টো আতৰি 'ল। আমি পুনৰ খোজ 'লো টংচিলৈ। কিছু দুৰ অহাৰ পিচত আমাৰ গোন্ধ পায় আকৌ আমাক খেদা ধৰিলে। গা পৰা ৰাস্তাতে কম্বল খন পেলায় দি দৌৰিব ধৰিলো। যেনেতেনে গৈ হে টংচিত বগাই উঠিলো আটাইকেইজনে। টংচিৰ পৰা টৰ্চ জ্বলাই চাব ধৰিলো / মিটাৰত ৰৈ ওপৰলৈ মুৰ কৰি চাই আছে। দেখিলো কাণ ফটা গঁড়ক। যুঁজ লগাত চাগে তাৰ কাণখনৰ তেনে গতি হৈছিল।
জামাল এইটো কাণ ফটাতো ' সেয়েহে আজি আমাৰ লগ এৰা নাই। জীপৰ আৱাজ পালেও খেদি আহে এইটোয়ে। আমাৰ গোন্ধ পোৱাটো স্বাভাৱিক কাৰণ এই তিনি মাহ কম্বল ধুৱও নোৱাৰি শুকাবও নোৱাৰি। সেয়েহে চাগে কম্বলৰ গোন্ধ আৰু কুৰ্মীৰ জংঘলী ভাঙ খোৱা গোন্ধেও তাক পগলা কৰি দিলে। ইফালে কাণফটাৰ মাইকীও পলাল। প্ৰেম কৰি থকাত বাধা পালে ' আৰু মানে।
আজি আমাক ভালটোয়ে লগ পাইছিল বোপাইহঁত। নিশা মান বাজিছিল মাইকী জনীয়ে টংচিৰ পূৱত থকা দণ্ডিটোৰে আহি আছে। তাই অহা গম পায় মাইকীজনীক মতাটোয়ে বিচাৰি যোৱা দেখিছিলো। শম্ভু কুৰ্মীৰ প্ৰেসাৱ লগাত টংচিৰ ওপৰৰ পৰাই পাইপ খুলি দিলে। মাটিত পৰাৰ লগে শব্দ হোৱাত মই 'লো-
লাহে লাহে এৰ ' কুৰ্মী। বেচিকৈ এৰি দিলে বানপানী 'ব। এজন এজন কৈ তিনিজনে তলত প্ৰস্বাৱ কৰাত প্ৰস্বাৱ ডোঙা বান্ধি 'ল। মই চিৰিত বহি গঁড় জনী অহালৈ চাই আছিলো। মিনিট মানৰ পিচত দেখিলো প্ৰস্বাৱৰ গোন্ধ পাই  গঁড় জনীয়ে মনে মনে আহি প্ৰস্বাৱৰ ডোঙাত মুখ দি দি প্ৰেসাৱৰ লগতে মাটিবোৰ খায় আছে। নিমখীয়া ধৰণৰ সোৱাদ পাই কাৰণে প্ৰায় গঁড়েই প্ৰস্বাৱ কৰা ঠাইতবোৰত মাটি পৰ্যন্ত খায় সেই ঠাই খিনি গাত কৰি দিয়ে।
হঠাৎ টৰ্চ জ্বলায় দিয়াত ওপৰলৈ চায়ে দৌৰ দিলে। মই বহু সময় তাইলৈ চাই থাকিলো। ভাবিছিল নেকি গঁড়জনীয়ে আকৌ আমি গুলি ফুটাও বুলি। অলপ পিচতে আহিল মতাটো মাইকী জনীৰ মাত শুনাত সিয়ো দৌৰিছে মাইকীটো যোৱাৰ ফালে। লগ পোৱা যেন লাগিল আকৌ সিহঁতৰ জোৰ লাগিল বুলি অনুমান কৰিলো। টংচিটোৰ আশে-পাশে কেইবাটাও দণ্ডি থকাত ৰেলৰ জংচন সদৃশ হৈ আছে টংচিৰ ওচৰত। যি ফালৰ পৰা নাহক টংচি পাৰ হৈয়ে নদী খনলৈ ওলায় যায় পানী খাৱলৈ। ( ঠাইবোৰ নাম আছে যদিও উল্লেখ কৰা নাই অৰণ্য চিকৰতিৰ বাবে।) অকল গঁড়েই নহয় হাতী, বাঘ, পহু আদিও। এইবোৰ অৰণ্যৰ ভিতৰ 'ৰাৰ ' এৰিয়া ( বিপদ যুক্ত ঠাই) এনেবোৰ ঠাইত একমাত্ৰ বনকৰ্মী সকলেহে অহা-যোৱা কৰে। অন্য দৰ্শানৰ্থীৰ বাবে এনেবোৰ অঞ্চলত প্ৰৱেশৰ বাবে নিষেধ।

ৰাতি পুৱাবলৈ বেচি সময় নাই যদিও কুৱঁলীয়ে আৱৰি ধৰাত আৰু চাৰিওফালে অৰণ্যৰ দৃশ্যই এক মোহনীয়া ৰূপ লৈছে। মোৰ বৰ ঠাণ্ডা লাগিছিল সেইদিনা। গাত লোৱা কম্বলো বাটত পেলায় থৈ আহিলো টংচিত আহোতে। সেইখনৰ বা কি গতি কৰিলে কাণফটাই তাকে এবাৰ মনলৈ ভাব আহিছে ? দেখিলেহে ' পাৰিম কম্বলখনৰ কি গতি কৰিলে। পোহৰ 'লে নদীৰ পাৰলৈ গৈ এপাক চাই আহো। পোহৰ হে অহাত কুৰ্মী আৰু জামালকো তললৈ নামি আহিব দিলো। নদীলৈ যোৱা দণ্ডিটোৰে তিনিও জনে খোজ লৈছো মাজ ভাগ পাইছোহে হঠাৎ দেখিলো কুৱঁলীৰ মাজে মাজে দণ্ডিটোৰে আহি আছে প্ৰকাণ্ড দঁতাল হাতীটো। হঠাৎ হাতীটো দেখি মোৰ মুখৰ পৰা ওলাল- হাতীয়ে, আহিলেই নহয় শুড়ডাল কোচাই আমাৰ ফালে খেদি। মিনিটৰ ব্যৱধান কোনে কোন ফালে দৌৰি ডাঠ হাবিৰ মাজত সোমালো ' নোৱাৰিলো। আমি ঝৰ ঝৰাই সোমায় যোৱাত পহুয়েও চিঞৰীব ধৰিলে। দণ্ডি এৰি দিয়াত হাতীয়ে দণ্ডিটোৰে ওলায় টংচিৰ ওচৰৰে পাৰ হোৱাত টংচিৰ চিৰিত হাতীৰ ঠেং লাগি চিৰিটো বাগৰি পৰাৰ শব্দ শুনিলো। হাতীৰ গাত কাঠৰ চিৰিটো পৰাত হাতীয়েও দিলে চিঞৰ। কিজানি তাক কোনোবাই কোমালে বুলি ভাবি। আমি যিমান ভয় খায়ছিলো তাক দেখি, সিয়ো চাগে আমাক দেখি আৰু দুগুন ভয় খাইছিল। সেয়েহে তাৰ লৰা ধপৰাত দেং মেলোতেই চিৰিত লাগিছিল ঠেং। ইফালে আমাৰ নদীৰ পাৰত পুৱাই ওলায় আহি বিপদে আগুৰি ধৰাত নিজকে বৰ অসহায় বোধ কৰিলো। তথাপিও 'লো নদীৰ বালিলৈ ওলায়। বালিত বহি লৈছো তিনিজনে বিহাৰী মানুহে ৰেল লাইনৰ চিৰিত বহাৰ দৰে। পানীৰ যুৱলীলৈ যাব লওঁতে দেখা পালো পুহমহীয়া নদীত সাতুৰি সাতুৰি পাৰ ' ধৰিছে বাঘে। মুৰটোহে দেখিছো পানীত গাটো দেখা নাই। আমাক পুৱাই হয়তো দুৰৰ পৰা পহু বুলিয়ে চাগে ভাবিছিল বহি থকাত। যেই ঠিয় 'লো তৰা নৰা চিঙি যোৱা দি বাঘে ভতিয়াই অন্য দণ্ডিৰে পাৰ হৈ 'ল। প্ৰায়ে ঘটি থকা ঘটনা দেখি থকা দৃশ্য তাৰ মাজতে ৰগৰ কৰো সহকৰ্মীৰ লগত।
জামাল আজি চাগে মামাৰ ভাগ্য বেয়া।
মামা চাগে হাই হাই কৰি ভাবিছে। পুৱাই দেখিলো দুই ঠেংঙীয়াক ' পাৰিম চাৰি ঠেংঙীয়াক ধৰিব।
সেই বন শিবিৰত থাকোতে প্ৰতিদিনেই মুখা-মুখি হৈছিলো। হয় হাতীৰ লগত নহয় গঁড়, বাঘৰ লগত। অকলে শিবিৰত থাকিলেও হাতীয়ে  উৎপাত কৰে। পায় থৈছো বন্যজন্তৰ শিবিৰত আহি অনিষ্ট কৰাৰ সোৱাদ। এদিনীয়া মানুহ 'লে হাগিমুতি হাৰ্টফেলই কৰি দিব। চোতালত পহু চৰি থাকোতেই চকুৰ আগতে বাঘে ধৰে পহুক। গঁড় / টা মান চৰিবলৈ আহে। কিমান যে কি হৈ থাকে অৰণ্যৰ ভিতৰ থকা বনকৰ্মী সকল ভুক্তভোগী, কি খৰালী কি বাৰিষা।

এবাৰ বৰদৈচিলা আহিল নিশা ঠিক ১১ মান বজাত। লৈ ' উৰুৱাই টংচিৰ চালিখন। গছ জোপা এই ভাঙো এই ভাঙো কৰিছে। ওচৰতে কেইবাজোপা গছ উঘালি পৰিল। উপায় বিহিন হৈ পৰিলো যিমান পাৰো ভগৱানকে চিঞৰীব ধৰিছো। হে কৃষ্ণ কৃষ্ণ কৰা পৰিত্ৰাণ। তুন নাও বুঢ়ে আহে নাহিকে জ্ঞান বুলি। যিমান পাৰো ঘোষা গাইছো মনলৈ অহা। মোৰ দৰে সহকৰ্মী সকলেও ধুমুহাৰ পৰা পৰিত্ৰাণ পাবলৈ ভগৱানক কাকুতি মিনতি কৰিব ধৰিছে। বতাহ বৰষুণৰ লগতে ফুলীয়া শিল পৰিছিল। লগৰ সহকৰ্মীক কৈছিলো মুৰটো বচায় ৰাখিবলৈ। ৰাইফলৰ কুণ্ডাটো মুৰত লৈ বতাহ বৰষুণ শিলৰ মাজত শিল পৰা কপৌ চৰাইৰ দৰে আছো অৰণ্যৰ ভিতৰত। বিজুলীৰ চিকমিকনি কাণতলা মৰা শব্দত ভাবিছিলো সেইদিনা আমাৰ পৃথিবীৰ পৰা বিদায় ' লাগিব যেন পাইছিলো। প্ৰভু ঈশ্বৰৰ বাহিৰে আমাক আৰু কোনেও যে ৰক্ষা কৰিব নোৱাৰে তাকেই ভাবি থাকিব ধৰিলো।

শিবিৰ সলনি হৈ এতিয়া ৰেঞ্জ হেড কোৱাৰ্টাৰত কৰ্ম। পাল পাতি পাতি শিবিৰ, টংচিবোৰ ভিজিত কৰাৰ লগতে তেওঁলোকৰ লগতো থাকি নিশাটো পহৰা কৰি পুনৰ পুৱা শিবিৰলৈ উভতি আহো। কেতিয়াবা নিশাটো কেতিয়াবা দিনটো। নতুনকৈ অহা হীৰক শৰ্মা, বনপালক জনৰ লগত গৈছিলো নিশাৰ তহলদাৰীত। যাওঁতে দেখুৱাই গৈছিলো ' ' কেনেদৰে মুখামুখি হৈছিলো জীৱ-জন্তুৰ লগত আৰু ' কি ধৰণৰ জীৱ-জন্তু আছে। কম দিনৰ ভিতৰতে চহৰত থকা যুৱক জন সাহসী হৈ পৰা আৰু প্ৰকৃতিৰ লগত খাপ খায় কৰ্ম কৰিব পৰা 'ল। মই আগতে থকা শিবিৰ এলেকাত গৈছিলো নিশা। শিবিৰৰ বনকৰ্মী লগ পাইছিলো তেওঁলোক উঠি থাকি পহৰা দিয়া টংচিত। আমি গৈ নিশা '৩০ টা মান বজাত পাইছিলো। মই সহকৰ্মী কেইজনক 'লো-
শৰ্মা, মই কিছুসময় টংচি উঠি ৰেবিট শিবিৰৰ চিগনেল লওঁ দেই। তুমি টংচিৰ তলত কিছু সময় পুতুল ডেকাৰ লগত থাকা মই বাৰু টংচিৰ চিৰিত বহো।
টংচিত পহৰা দি থকা দুজনক নদীৰ পাৰলৈ যোৱাৰ কথা 'লো। সিহঁতে চিৰিৰে নামি নদীৰ বালিলৈ 'ল।  তলত  হীৰক শৰ্মা বনপালক জন আৰু পুতুল ডেকা। কিছু সময় নদীৰ বালিয়ে বালিয়ে খোজ কাঢ়ি তহল দি পুনৰ টংচিলৈ আহিল।

ছিদ্দিকৰ ভৰিত চিনা জোক লাগি থকাত এৰুৱাব ধৰিছে আৰু শৰ্মাই দিঙিত হাতৰে জোকবোৰ পেলায় আছে। ময়ো চাব ধৰিলো টৰ্চ জ্বলাই। দুডাল মান পেন্টত লাগি আছিল বাবে এৰুৱাই দি অৰণ্যত চৰি ফুৰা জন্তুৰ গম লৈ আছো। বাৰে বাৰে হীৰক শৰ্মাই মুৰ আৰু ডিঙিৰ পৰা জোকবোৰ এৰুৱাই আছে। মোক ' ধৰিলে-
বংশীদা ইয়াত ইমান জোক ! মুৰ ওপৰলৈ উঠিছে দেখোন।
ভালদৰে চোৱা তুমি যিহে বগা চাহাবৰ দৰে তাতে আকৌ গুৱাহাটীৰ পৰা আহিছা দুই চাৰিটা জোকে খাৱই দিয়া।
নহয় বংশী দা জোকবোৰ মুৰত পৰে দেখোন।
কি কোৱাহে গছৰ পৰা পৰিছে ! ইয়াত চিনাজোক আছে বুলি জানো সেইবোৰ মাটিত বগাই খেৰ ইকৰাত বগাই থাকে। কিন্তু ইয়াত গছত থকা জোক! চাওঁ এটা কাম কৰাচোন টংচিৰ ওপৰলৈ উঠি আহা। দুয়ো জনে ওচৰা-ওচৰিকৈ বহি 'লো। তেনেদৰে বহি থকাত থকাত থপা -থোপে মুৰত গছৰ ওপৰৰ পৰা জোকবোৰ পৰিব ধৰিলে। জোকৰ কামোৰত থাকিব নোৱাৰি টংচিৰ তললৈ নামি আহিলো। শৰ্মা 'লো-
শৰ্মা,আজিৰ এই  দৃশ্যৰ ফটো এখন 'বাইলত উঠোৱা। মোৰো মনত থাকিব আৰু তোমাৰো মনত থাকিব এই ঠাই খিনি কথা। তুমি ঘৰত ' পাৰিবা আৰু মই নাতি-নাতিনীক ' পাৰিম। চা ! এয়া মই কেনেদৰে আছিলো "অৰণ্যৰ ভিতৰ 'ৰাত।"
     

ঘনশ্যাম ৰাজবংশী,
বনপালক
আমচেং অভয়াৰণ্য
বোন্দা

৯৬৭৮৩২৮৩৬৮

No comments:

Post a Comment