বেটুপাত

বেটুপাত

Sunday, 15 October 2017

২৭ ছেপ্টেম্বৰ : এটি কলা দিন

মৰম , ভালপোৱাবোৰ কেনি হেৰাল

খেপিয়াই খেপিয়াই বিচাৰিলো , তথাপি

বাস্তৱৰ উকা দুহাত

জোনাকৰ দুচকুত তপত চকুপানী

সপোনবোৰ মৰিচিকা হৈ পৰিছিল

বিশ্বাসে যেতিয়া বুকু ভেদী শৰ মাৰিছিল

মৃত্যুৰে যুঁজিছিল সকলো

মৰম , ভালপোৱা কিম্বা সপোন

এতিয়া সেয়া যেন এটি জীয়া মৃতদেহ


২৭ ছেপ্টেম্বৰৰ সেই বিশেষ আবেলিটোত

হঠাৎ ফোনটোৱে মাতিছিল

এটি কঠোৰ মাত ভাঁহি আহিছিল

অজস্ৰ সপোন ধূলিস্যাৎ হৈছিল

পশ্চিমৰ আকাশত বেলিয়ে হাত বাউল দিছিল

হেঙুলীয়া আকাশত কলা ডাৱৰৰ আৱৰণে

অজানিতে বুকুখন গধুৰ কৰিছিল

সেমেকা দুচকুৱেদি সপোন বৈ গৈছিল

বাস্তৱ অন্ধকাৰৰ বন্দী হৈছিল


সময় নিষ্ঠুৰ হৈছিল ক্ষণিকৰ বাবে

খঙত গৰজি প্ৰশ্ন কৰিছিল

প্ৰেমত ভুল কিয় কৰিবি

কঠোৰ হৈ পৰিছিল সময়

শাস্তি শুনাইছিল প্ৰেমৰ আদালতত

নিসংগতাৰ বুকুত তাৰ আদেশতেই বন্দী হৈছিল

সমস্ত মৰম , ভালপোৱা , মন আকাশৰ সপোন

দূৰত্বই দুৰ্বল কৰা প্ৰেমে হাৰ মানিছিল

সময়ে ওকালতি কৰা প্ৰেমৰ আদালতত


বন্দীত্ব কিমান দিনৰ আছিল

সময়ে কোৱা নাছিল সিদিনা

মাথো আদেশ শুনাইছিল

মোৰ দৃষ্টিত স্বাৰ্থপৰ হৈ পৰিছিল সময়

আপোনজনৰ দূৰত্বই খহাই নিছিল বুকু

হৃদয়ৰ চিঞৰক আওকান কৰিছিল

সঁচাকৈয়ে নিষ্ঠুৰ হৈ পৰিছিল সময়ৰ হৃদয়


সময় , সি আগুৱাই গৈ থাকিল

২৭ ছেপ্টেম্বৰৰ বিশেষ দিনটোৰ

আজি চতুৰ্থটি বছৰ

তাৰ এটি মাথো কঠোৰ আদেশ , আৰু

নিসংগতাৰ বুকুত আজিও বন্দী হৃদয়খনি

বতাহে আজিও আনে তাইৰ মধুৰ পৰশ

আজি এই বতাহেই খহাইছে হৃদয়

দুচকুৱে বৈ আহে তপত চকুপানী ।।


গোকুল লহকৰ

বিদ্যাপুৰ , বৰপেটা ৰোড

No comments:

Post a Comment