বেটুপাত

বেটুপাত

Saturday, 14 October 2017

এজাক সেউজীয়াৰ বৰষুণ

সপোন বোৰ
যেতিয়া লঠঙা আছিল
তেওঁ আহিছিল
এজাক বৰষুণ হৈ 

ক্ৰমাৎ হালধীয়াবোৰ সেউজীয়া
হবলৈ ধৰিলে
উশাহৰ গাঁথি গাঁথি
বুকুখনি আকৌ
উমলিবলৈ ধৰিলে
সেউজীয়াৰ পৰশ পাই

সময়ে যেতিয়া উচুপি
উঠিছিল
হালধীয়া হোৱাৰ বেদনাত
নিসংগতাৰ হাহাকাৰে
কিৰিলি পাৰিছিল
মৃত্যুৰ উপত্যকাত,

কিন্তু
সেই বৰষুণজাকে
ধুই নিকা কৰিলে
সমস্ত বিষাদৰ কলুষতা
উজ্জীৱিত '
মন বননি
লঠঙা সপোনবোৰেও
উঠিলে ঠন ধৰি
ক্ৰমাৎ সেউজীয়াৰ
বুকুত মেলিলে
আকৌ
এপাহি ৰঙা কলি।


কৰবী সিংহ

বঙাইগাঁও

No comments:

Post a Comment