বেটুপাত

বেটুপাত

Sunday, 15 October 2017

ভালপোৱা

কালি ৰাতি বুকুৰ উমত জোনটো শুলে,
পুৱাই শুই উঠি জোনটোৱে বুকু ফালিলে,
জোনটোৱে হেনো অন্য বুকুৰ সোৱাদ 'বলৈ মোট সলাইছে 
এৰা বাৰীৰ মধুৰি জোপাত ওলমি মোট সলোৱা সময় নামৰ সাপটোৰ দৰে,
যিয়ে ফনা মেলি মধুৰি খাই মধুৰি লগত চুপতি মাৰি মধুৰি খোৱা বদনাম কঢ়িয়াই।

দুখী পখিলাজনীৰ পাখি ছিঙি আজি জোনটো আকৌ শুব হেনো,
এইবাৰ কাৰো বুকুত নহয়,
কাৰো স্নেহত নহয়,
মৌচাকৰ মৌকেইজনীক খেদি তাতেই শুৱাৰ প্ৰস্তুতি,
পিছে স্বপ্নৰ তামীঘৰা এৰি মৌকেইজনী যাব জানো উৰি?
(মৌকেইজনীয়ে বুজে সপোন ভগাৰ বেদনা কিমান)



অশ্বিনী ফুকন
তিতাবৰ, যোৰহাট

No comments:

Post a Comment