বেটুপাত

বেটুপাত

Sunday, 15 October 2017

তহঁত যে কৰ্মী মানুহ

চাৰিআলি - তিনিআলিত বহি

আড্ডা দিয়া লৰা আমি

কিন্তু.. তহঁতে জানানে

হৃদয়ত কঠিন ক্ষোপ

আমাৰো নিগৰে।।

হৃদয়ত প্ৰেম আমাৰো বহ্নিমান

মাথোঁ সহাৰিৰ কাতৰতা '।।

উৰুখা পজাত কটালো গোটেই জীৱন

কেতিয়াবা উজাগৰে থাকো

কিয় জাননে??

টুপ টুপ বৰষুণে বৰ আমনি কৰে জানা!!

কেতিয়াবা বিচনাৰ একোণত

চৰিয়া ধৰোতেই পুৱাই যায়

হেপাহঁৰ নিশাটি।।

মোৰ পিতাই গোটেই দিনটো হাজিৰা কৰে

বুজি পাওঁ এমুঠি ভাতৰ মূল্য কিমান!!

তহঁতে জানোঁ শুনিবি আমাৰ ক্ৰন্দন।

শৈশৱটোও ইটাৰ ভেটিতে কটালো

যেতিয়া তহঁতে সময় কটাইছিলি

নিউটনৰ সূত্ৰত।।

আমি জানো.. ভালকৈ বুজো

আমাৰ ব্যৰ্থতা তহঁতৰ বাবে

কিমান হাস্যমধুৰ!!!

তহঁতে এবাৰ বুজিবিনে

আঘাতপ্ৰাপ্ত হৃদয়ৰ গভীৰতা কিমান??

নাই.. তহঁতে কত বুজিবি..

তহত যে কৰ্মী মানুহ।।

হয় আমি নিকৰ্ম.. নিৰ্লজ্জ

কিন্তু প্ৰতিশ্ৰুতিবদ্ধ আমি

আইৰ দুচকুত বোলাম

উন্মনা হাঁহিৰ খোৰাক।।

হয়তো নাথাকিব তহঁতৰ দৰে

এমোনা ডিগ্ৰীৰ অধিকাৰ।।

আজি.. কৰ্মী ডিগ্ৰীধাৰীসকল

প্ৰতিশ্ৰুতি দে আজি..

তহঁতেও তহঁতৰ আইক জিলিকাবি

সুউচ্চ অট্টালিকাত।।

কিন্তু তহঁতৰ ডিগ্ৰীধাৰী সকলে যেতিয়া

মাহ গৰ্ভত ৰখা নিজৰ আইক

থবিহি বৃদ্ধাআশ্ৰমত..

তেতিয়া বিচাৰিব দিবিনে!

তহঁতৰ পি. এইছ.ডি আৰু

চাৰিআলিত আড্ডা দিয়াজনৰ

মাজৰ শিক্ষাগত অৰ্হতা কিমান??


(প্ৰতিজন আড্ডা দিয়া 'ৰা এনেয়ে নিকৰ্ম নহয়, প্ৰতিজন ডিগ্ৰীধাৰী 'ৰা শিক্ষিত নহয়)


জিতুল কলিতা

কামৰূপ (গ্ৰাম্য)


No comments:

Post a Comment