বেটুপাত

বেটুপাত

Sunday, 15 October 2017

অংকীয়া নাটৰ গদ্যশৈলীঃ চমু অৱলোকন



 পঞ্চদশ ষোড়শ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৰ্বভাৰতীয় ভক্তি আন্দোলনক কেন্দ্ৰ কৰি সাহিত্য- সংস্কৃতিৰ স্বৰ্ণাভ অৱদানেৰে ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তৰ লোকসকলক আধ্যাত্মিক জীৱন দান দি সমাজৰ যি উত্তৰণ ঘটালে তাৰ উদাহৰণ পৃথিৱীতে বিৰল প্ৰাচীন ভাৰতীয় বেদ উপনিষদ, সংস্কৃত শাস্ত্ৰসমূহৰ সাৰোদ্ধাৰ কৰি তাৰ ভিত্তিত গুৰুজনাই বিচৰা আধ্যাত্মিক সমাজখন গঢ়িবৰ বাবে তেৰাৰ বিৰচিত নাটসমূহ আছিল ফলপ্ৰষু মাধ্যম সংস্কৃত সাহিত্যত নাটকক দৃশ্য শ্ৰাৱ্য কাব্য বুলি কোৱা হয় এই নাট্য সাহিত্যৰ আদৰ্শ আৰু কৌশলৰ সহায়ত ভক্তিধৰ্মৰ আধ্যাত্মিক নীতি - নিয়ম সম্বলিত ভক্তিতত্বৰ জ্ঞান বিকাশ কৰি নিৰক্ষৰ,বিভিন্ন সম্প্ৰদায়ৰ মাজত এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰাত সফলতা লাভ কৰিছিল এক কথাত নাট্য সাহিত্যক মাধ্যম হিচাপে গ্ৰহণ কৰি ধৰ্ম প্ৰচাৰ কৰা মহাপুৰুষ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে গুৰুজনা প্ৰথম কিয়নো সৰ্বভাৰতীয় প্ৰান্তীয় ভাষাত পূৰ্ণাংগ নাট শংকৰদেৱৰ হাততহে প্ৰথম ৰচিত হয় সেই দিশৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাট্য আন্দোলনৰ বাটকটীয়া আৰু অসমীয়া নাট্য সাহিত্যৰজনক পৰৱৰ্তী সময়ত শ্ৰী শ্ৰীমাধৱদেৱ এই আন্দোলনৰ প্ৰধান সহযোগী হয়

শংকৰদেৱ আৰু মাধৱদেৱ দ্বাৰা ৰচিত নাটকসমূহক অংকীয়া নাট বোলা হয় অৱশ্যে চৰিতকাৰসকলে মাধৱদেৱৰ চুটি নাট সমূক ঝুমুৰা বুলিহে অভিহিত কৰিছে যদিও সামগ্ৰীকভাৱে দুয়োজনা মহাপুৰুষৰ নাটসমূহক অংকীয়া নাট বুলিয়ে কোৱা হয় গুৰুজনাই নাট ৰচনাৰ ক্ষেত্ৰত সংস্কৃত নাটকৰ দ্বাৰা অনুপ্ৰাণিত লেও সংস্কৃত নাটকৰ সকলোবোৰ বৈশিষ্ট অবিকল অনুকৰণ নকৰি বৰঞ্চ নিজস্ব মৌলিক চিন্তাধাৰাৰ সংযোগ ঘটাই অংকীয়া নাটসমূহ ৰচনা কৰিছিল "অংকীয়া" অভিধাটো অবাচীনহে গুৰুজনাই নিজে তেৰাৰ এই নাট্যসম্ভাৰক নাট, যাত্ৰা আদি অভিধাহে প্ৰয়োগ কৰিছিল "অংকীয়া" শব্দটোৰ "অংক" শব্দৰ লগত "ঈয়া" প্ৰত্যয় যুক্ত কৰি অংকীয়া শব্দটো সম্পন্ন হৈছে সংস্কৃত নাটকৰ পঞ্চাংকৰ বিপৰীতে শংকৰদেৱ,মাধৱদেৱৰ নাটৰ কাহিনীৰ অংশ কেইবাটাও কল্পিত দৃশ্যাংশত অভিনীত লেও নাটকখন এটা অংকতে সম্পূৰ্ণ কৰিছিল বাবে পৰৱৰ্তীকালত অংকীয়া নাট অভিধাটো প্ৰয়োগ বলৈ ধৰে এই সম্পৰ্কে সাহিত্যিক কালিৰাম মেধিদেৱৰ সংগৃহীত আৰু সম্পাদিত "অংকাৱলী" পাতনিত আলোচনা হৈছে উল্লেখনীয় যে অংকীয়া নাট গঠনশৈলীৰ ফালৰ পৰা সংস্কৃত নাটৰ গঠনশৈলীতকৈ পৃথক


অংকীয়া নাটৰ উল্লেখনীয় এটা দিশ ইয়াৰ গদ্যশৈলী ৷অংকীয়া নাটৰ ভাষা দৰাচলতে অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণত গঢ়লৈ উঠা ব্ৰজাৱলী নামৰ এটি কৃত্ৰিম ভাষাহে অৱশ্যে শংকৰদেৱ আৰু মাধৱদেৱৰ নাটত গদ্য প্ৰয়োগৰ ক্ষেত্ৰত ব্ৰজাৱলী ভাষাৰ সমানে পুৰণি অসমীয়া ভাষাৰ শব্দ প্ৰয়োগ কৰি সংলাপবোৰ অধিক পৰিমানে আকৰ্ষণীয় কৰি তুলিছে বিশুদ্ধ অসমীয়া নহলেও অসমীয়া মিশ্ৰিত ব্ৰজাৱলী ভাষাত এক লিখিত ৰূপৰ গদ্যশৈলীৰ আৰম্ভণি অংকীয়া নাটৰ মাধ্যমেদিয়ে যে হৈছে সেই সম্পৰ্কে সু- সাহিত্যিক ° নগেন শইকীয়াদেৱে এটি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে -- " পঞ্চদশ ষোড়শ শতিকালৈকে আমি লিখিত গদ্যৰ নিদৰ্শন নাপাওঁ কেৱল অসমীয়া ভাষাতে নহয় বাংলা, ওড়িয়া, মৈথিলী, হিন্দী আদি ভাষাতো অংকীয়া নাটতেই প্ৰথম সুত্ৰধাৰৰ কথা আৰু চৰিত্ৰৰ সংলাপৰ মাজত গদ্যৰ নিদৰ্শন ফুটি উঠে সেইফালৰ পৰা অংকীয়া নাটৰ গদ্য এই সমগ্ৰ উত্তৰ পূব ভাৰতীয় প্ৰান্তীয় ভাষাসমূহৰ মাজৰ প্ৰথম গদ্য বুলি পাৰি "


পদ্য বা ছন্দোবদ্ধ ৰচনাৰ বিপৰীত ৰচনাই গদ্য ৷গতিকে কোনো এটা বিষয় যুক্তিযুক্তভাৱে উপস্থাপন কৰি, বিষয়বস্তু স্পষ্ট আৰু পাঠকৰ মনোগ্ৰাহী কৰিবলৈ অৰ্থব্যঞ্জক শব্দ প্ৰয়োগ কৰি যিমান পাৰি সিমান পৰ্যাপ্তকৈ প্ৰকাশ কৰাই গদ্যৰ মূল লক্ষ্য অংকীয়া নাটৰ গদ্য নাটকীয় গদ্য অৱশ্যে সুত্ৰধাৰ আৰু অন্যান্য চৰিত্ৰৰ সংলাপবোৰতহে গদ্যৰ ভাৱ আৰু কথোপকথন ৰীতি ব্যৱহৃত হৈছে যদিও এই বিলাক সুৰ লগাই পৰিৱেশন কৰা হয় সেয়ে অংকীয়া নাটৰ গদ্যৰীতি ছন্দোধৰ্মী আৰু অলংকাৰধৰ্মী হোৱাৰ বাবে লয়যুক্ত বা বৃত্তগন্ধী বোলা হয়।

আমি এটা কথা জানো যে ৰসাশ্ৰয়ী সাহিত্যৰ সাহিত্যিক মূল্য আছে ৷ভাৱ, অনুভুতিৰ স্পষ্টতা আৰু বিকাশৰ বাবে গদ্যত উপমাদি বিভিন্ন অলংকাৰ , যোজনা, পটন্তৰ, খণ্ডবাক্য, জতুৱা ঠাঁচ, চিত্ৰকল্প, প্ৰতীক আদি প্ৰয়োগ কৰা হয় অংকীয়া নাটৰ গদ্যৰীতিত অলংকাৰ প্ৰয়োগ মন কৰিব লগীয়া বিশেষকৈ অনুপ্ৰাস, অন্ত্যানুপ্ৰাস আদি শব্দালংকাৰৰ অধিক ব্যৱহাৰে নাটৰ গদ্যক কাব্যধৰ্মী কৰি তুলিছে নাটৰ গদ্যত ব্ৰজাৱলীভাষাত তৎসম,তদ্ভৱ আদি শব্দৰ লগতে সংলাপবোৰত মাজে মাজে সন্ধিযুক্ত, সমাসযুক্ত পদ ব্যৱহাৰ দেখা যায় জতুৱা ঠাঁচৰ সাৰ্থক প্ৰয়োগে অংকীয়া নাটৰ গদ্যক জনসাধাৰণৰ কাষ চপাই নিয়াত সহায় কৰিছে চৰিত্ৰৰ মানসিক অৱস্থা প্ৰকাশৰ ক্ষেত্ৰত ঘৰুৱা কথনভংগীৰ মাজেৰে পৰিস্থিতি আৰু পৰিৱেশ জীৱন্ত কৰি তোলাতো অংকীয়া নাটৰ গদ্যশৈলীৰ অন্যতম বিশেষত্ব

অংকীয়া নাটৰ গদ্যশৈলীত বাক্যবিন্যাসৰ সুশৃংখলিত ৰূপ দেখা যায় শংকৰদেৱ আৰু মাধৱদেৱৰ নাটৰ গদ্যশৈলীত কিছু কিছু ক্ষেত্ৰত পাৰ্থক্য থাকিলেও দুয়োগৰাকীয়েই কামৰূপীয় ভাষাৰ ঠাঁচ ব্যৱহাৰ কৰিছে যদিও মাধৱদেৱৰ নাটৰ গদ্যত ব্যৱহৃত জতুৱা ঠাঁচ , খণ্ডবাক্য আদিয়ে কথিত অসমীয়া ভাষাৰ বেছি কাষ চপাই আনি ঘৰুৱা কৰি তুলিছে আনহাতে শংকৰদেৱৰ নাটৰ বাক্যবোৰ দীঘল আৰু বৰ্ণনাধৰ্মী হোৱাৰ বিপৰীতে মাধৱদেৱৰ নাটৰ বাক্যবোৰ চুটি আৰু পোনপটীয়া

শংকৰদেৱ আৰু মাধৱদেৱে মূলতঃ এক শৰণ হৰি নাম ধৰ্মৰ আদৰ্শ প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা অংকীয়া নাটৰ ভাষা ব্ৰজাৱলী হোৱাৰ বাবে বহু পণ্ডিতে ইয়াৰ গদ্যশৈলীক অসমীয়া গদ্যশৈলী হিচাপে স্বীকাৰ কৰিব নোখোজে কিন্তু সৰ্বসাধাৰণ লোকৰ কথিত ভাষাক প্ৰয়োগ নকৰাকৈ অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণৰে ব্ৰজাৱলীৰ দৰে গাম্ভীৰ্যপূৰ্ণ ভাষা ব্যৱহাৰ কৰি অংকীয়া নাটৰ গদ্যৰীতিত এক অভিনৱত্ব আনি অসমীয়া গদ্য সাহিত্যৰ বিকাশত নতুনত্ব প্ৰদান কৰি গৈছে সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে শংকৰদেৱে অংকীয়া নাটৰ যোগেদি সৰ্বসাধাৰণক এক শৰণ নাম ধৰ্মৰ সাম্যবাদী দৰ্শনৰে অনুপ্ৰাণিত কৰাই নহয় গদ্য সাহিত্যৰো জনক ৰূপে সৰ্বভাৰতীয় প্ৰান্তীয় ভাষাৰ নাটত বৃত্তগন্ধী আৰু লয়যুক্ত গদ্যশৈলী প্ৰয়োগৰ বাট উন্মোচিত কৰিলে যাৰ বাবে অংকীয়া নাট সৰ্বভাৰতীয় প্ৰান্তীয় ভাষাৰ অমূল্য সম্পদ হিচাপে চিহ্নিত হৈ ৰয় 

সহায়ক গ্ৰন্থঃ
অসমীয়া নাট্য সাহিত্যঃ সত্যেন্দ্ৰনাথ শৰ্মা
অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তঃ সত্যেন্দ্ৰনাথ শৰ্মা
শংকৰদেৱৰ নাটঃ মহিম বৰা ( সম্পা)
অসমীয়া সাহিত্যত দৃষ্টিপাতঃ হেমন্ত কুঃ শৰ্মা
মাধৱদেৱৰ সাহিত্য,কলা, দৰ্শনঃ ° কৰবী ডেকা হাজৰীকা
ভাষা সাহিত্য অধ্যয়নঃ অৰ্পনা কোঁৱৰ
ভাষা সাহিত্যৰ বিবিধ চিন্তাঃ অৰ্পনা কোঁৱৰ
অসমীয়া ভাষাৰ উদ্ভৱ, সমৃদ্ধি আৰু বিকাশঃ ° উপেন্দ্ৰনাথ গোস্বামী

পংকজ বৰা ( সন্দিকৈ )

মুদৈজান, টীয়ক, যোৰহাট

No comments:

Post a Comment