বেটুপাত

বেটুপাত

Saturday, 14 October 2017

চিঠি

পত্নী মৃত্যু মুখত পৰাৰ আগত তেওঁৰ স্বামীলৈ বুলি এখনি চিঠি

মৰমৰ,
জান! আজিও তুমি কাম লৈ ব্যস্ত। আজি দিন হৈ ' তুমি ঘৰলৈ নহা। ইমানেই তোমাৰ কাম নে যে তোমাৰ পত্নী আজি শয্যাশায়ী কিন্তু তুমি কাষত নাই? তোমাক বহুবাৰ ফোন পৰ্যন্ত কৰিছিলো, কিন্তু মোৰ গা বেয়া হোৱাৰ কথাষাৰ শুনাৰো সময়কন নহ তোমাৰ। বাৰু বাদ দিয়া এইবোৰ

যাবৰ সময়কণত ৰোমন্থন কৰো অতীতৰ মধুৰ স্মৃতিবোৰ।তোমাৰ জানো মনত আছে আমাৰ প্ৰেমৰ কথা!! তুমি যে মোক ইমান ভয় কৰিছিলা!! তোমাৰ স্বভাৱবোৰৰ বাবে কমখন গালি পাৰিছিলোনে বাৰু। তেতিয়াতো আমাৰ মাজত বন্ধুত্বৰ বাহিৰে একো নাছিলেও; তথাপি  তোমাৰ কেয়াৰ লবলৈ সদায় আগত আছিলো। তুমি এতিয়া কথাষাৰ শুনি হাঁহিছা নহয়?? এয়াই মই বিচাৰিছিলো।

জান তোমাৰ মনত আছেনে তুমি যে মোক মৰমত জোকাইছিলা; "' শালিকী ; ' শালিকী "বুলি আৰু লগে-লগে মই মুখখন বন্ধ কৰি নিস্তব্ধ থাকিছিলো। তুমি মোক এনেকৈয়ে জোকাই ভাল পাইছিলা নহয়নে?? মই জানা তোমাৰ এইকথাবোৰ  বহুত মিছ কৰিম।

শুনাচোন  ,আমাৰ বিয়াৰ দিনটোৰ কথা মনত আছেনে তোমাৰ?? আমি যে পলাই বিয়া ' যাওঁতে তোমাৰ ধূতিখন চিন্টুৰ বাইকত লাগি খোল খাই গৈছি  গৈছিল,আৰু তুমি লাজ লাজকৈ ধূতিখন ধৰি  মন্দিৰত সোমাইছিলা। হাঃ হাঃ হাঃবাপৰে ! কি কি যে কাণ্ডও ঘটাইছিলা  তুমি আৰু দেই। পিছে কিনো ' এয়া মাথো অলপ সময়ৰ বাবেহে আছিল।বিয়াৰ পিছততো তোমাৰ সময়ে নোহোৱা 'ল। আমাৰ বিয়াৰ ৫টা বছৰ একেলগে পাৰ কৰিলো; কিন্তু তোমাক মই সময় বিচাৰি কেতিয়াওঁ আমনি দিয়া নাছিলো। মই সদায় বিচাৰিছিলো যাতে তুমি কৰা গান বোৰ মানুহৰ মুখে মুখে শুনো। কিন্তু তুমি সংগীত জগতৰ লগত ইমানেই ব্যস্ত হৈ পৰিলা যে তোমাৰ পত্নীৰ শেষ যাত্ৰাৰ সময়তো তোমাৰ সময় নহ'ল। তুমি মোক বহুত ভাল পোৱা কিন্তু যিটো সময়ত মোক তোমাৰ দৰকাৰ সেই সময়ত তোমাক কেতিয়াও নাপালো। ৮দিন আগত তুমি যিদিনা  কামত ওলাই গৈছিলা তাৰ ৫মিনিট পিছতেই মই পিছল খাই পৰি গৈছিলো। ওচৰত কোনো মানুহেই নাছিলে।

মই যেনে-তেনে ডাক্তৰৰ ওচৰলৈ 'লো, তেওঁ 'লে যে মই হেনো কিডনীত বেয়াকৈ আঘাত পাইছো।সেয়ে তেওঁ মোৰ ইয়াত একো চিকিৎসাই কৰিব নোৱাৰে। মই তোমাক বহুত ফোনো কৰিলো কিন্তু তুমি কাটি দিছিলা। হয় তুমি ব্যস্তই আছিলা।


একো নাই দিয়া। তোমাৰ লগত মোৰ ইমানেই আছিলে। অহা জনমত আকৌ লগ পাম নহয়; তাৰ প্ৰতিশ্ৰুতি দিয়েইটো আমি বিয়াত বহিছিলো। তুমি আকৌ ভাবি নাথাকিবা ,তোমাৰ ওপৰত খং কৰি থকা বুলি। মাথো তোমাক সাঁচি ৰখা মনৰ কথাবোৰ হে 'লো। তুমি তোমাৰ খোৱা লোৱা বোৰ সময়মতে কৰিবা। নিচা একেবাৰেই নকৰিবা কিন্তু নহ'লে চাবা ভূত হৈ আহিম। দিয়া আজিলৈ আৰু নিলিখো। ভালকৈ থাকিবা আৰু শুনা অলপো নাকান্দিবা দেই দেহা।"


ইতি,

তোমাৰ মৰমৰ

অতীতৰ পাহী


দীপাঞ্জলী দে


গুৱাহাটী, নাৰেঙ্গী

No comments:

Post a Comment