বেটুপাত

বেটুপাত

Saturday, 14 October 2017

শেৱালী ফুলিলে

শেৱালী ফুলিলে বগাই আহে
শুভ্ৰতাৰ অবুজ শিহৰণ
ম্লান ' খোজা হৃদয় বাগিচাত
স্নিগ্ধে মধুৰ ক্ষণ।


মনৰ অজানিতে দেহত সানে
নিয়ৰৰ টোপাল
সাৱটে শাৰদীয় বেলিৰ উত্তাপ
আঁতৰে ভাৱনাৰ নৈৰাশ্য
অনুভূত হয়
জীৱনৰ মিঠা অনুভৱ।



   মৃণাল কুমাৰ বৰা।

No comments:

Post a Comment