বেটুপাত

বেটুপাত

Sunday, 15 October 2017

শৰতৰ শিহৰণ


 শৰতৰ সন্ধিয়া বেলা
নির্জানতাত উদাস উদাস যেন লগা
শেৱালি ফুলৰ সুবাসেৰে
চোতালত জোনাকীৰ মেলা

স্নিগ্ধ শীতলতাৰ মাজেৰে বয়
এক চিৰচিনাকি চেচাঁ শিহৰণ
হৃদয়ত বাজে
সুৰৰ মধুৰ গুঞ্জন
সাৰ পাই উঠে প্রাণৰ বিহংগই

আৱেগসিক্ত মাদকতাত
মনৰ আচঁল কঁপে
বুকুয়েদি বৈ যায় প্ৰেমৰ মলয়া
অহা বাটে অকৌ গুচি যায়
দুলি থাকে মনতে মাথোঁ শিহৰণ.........


বিষ্ণু বড়া

No comments:

Post a Comment