বেটুপাত

বেটুপাত

Saturday, 14 October 2017

শৰতত মাৰ বন্দনা

শৰত মাহৰ পূৱাৰ   
এজাক বতাহৰ লগত তোমাক আদৰিছো মা


তোমাৰ বৰ্ণনা কেনেকৈ নো দিম


তুমি যে অপৰূপা

তুমি যে জগত মাতা


তোমাৰ দূচকুৰ মাজত আছে সম্পূৰ্ণ ধৰা.


তোমাক আদৰিছে এই শৰত মাহৰ এই ধূনীয়া কহুৱা ফুলে....

ঢোল- ঢাক আৰু শংখৰ মাতে....

তোমাক কেনেকৈনো আদৰিব এই নৰলোকে...

তোমাক আদৰিছো

সেন্দুৰ , আলতা ,বেলপাত আৰু হিয়াভৰা

মৰম আৰু শ্ৰদ্ধাৰে....

তুমি আহিবা নাঁওৰে,দোলাৰে,নতুবা হাতীৰে....

থাকিবা যষ্ঠী,সপ্তমী,অষ্ঠমী আৰু নৱমীলৈ..

দশমীৰ দিনা আকৌ এৰি যাবা আমাক

অলেখ বেদনা দি..

তোমাৰ অপেক্ষাত

                থাকিম ৰৈ আৰু এটি বৰ্ষ

তুমি আকৌ আহিবা আমাৰ মাজলৈ ..

আকৌ বিলাবা সেই একেখিনি মৰম আৰু আৰ্শীবাদ.....


চন্দনা দাস


উজানবজাৰ

No comments:

Post a Comment