বেটুপাত

বেটুপাত

Sunday, 15 October 2017

হত্যাকাৰী নিশা



সেইযে হত্যাকাৰী নিশাবোৰ,
পুনৰ আহিবলৈ লৈছে,
সেইযে নিঃসংগতাৰ সদাগৰ জন,
হয়তো আজি ক্লান্ত,
বাহৰ পাতিছে হয়তো আজি
মোৰেই আলয়ত।
নিশাবোৰ হত্যাকাৰী,
ইহঁতে হত্যা কৰে
বহুত সপোন,
উজাগৰী বহু নিশা,
জীৱনৰ নাওঁ বাই বাই আজি ক্লান্ত।
বাস্তৱক্লান্তৰ সন্ধি ভাঙি
পাৰ কৰিছিলোঁ কিছু
হত্যাকাৰী নিশা ।
অলিন্দ নীলয়ৰ ভালভৰ
শব্দটো আৰু জয়াল হৈ পৰে,
এই নিশাবোৰ...
আন্ধাৰত পোৱালী পাৰে 
বুভুক্ষ নাঙঠ বোৰে,
ছন্দহীন জীৱনৰ
ছন্দবদ্ধ পতন...
নিঃসংগতাৰ হাঁহি বোৰৰ মাজেৰে বৈ অহে
সেই হত্যাকাৰী নিশা বোৰৰ আতহাস্য।
আৰ.জে. পাহিৰ লাভ স্তৰীয়ে 
নোৱাৰে মোৰ হৃদয় যিনিব,
বা নোৱাৰে মোক স্পৰ্শ কৰিব,
স্নিগ্ধ জোনাকৰ পোহৰে,
নাজানো কেনেদৰে পাৰ হয় এই নিশা বোৰ....
এটা এটা হত্যাকাৰী নিশা।
      
কৌস্তুভ বৰা
ধলপুৰ,লখিমপুৰ
        

No comments:

Post a Comment