বেটুপাত

বেটুপাত

Sunday, 15 October 2017

ভোকত এমুঠি অন্ন বিচাৰি

দুখীয়াৰ আৰ্তনাদ
কোনে শুনিব
কোনেনো বুজিব
সিহঁতৰো লাগে ভোক !

খাবলৈ নাপাই অন্ন
ঘুৰি ফুৰে লৈ ভিক্ষাৰ পাত্র
পেটৰ ভোক পুৰাবলৈ
বিচাৰে এমুঠি অন্ন !

এমুঠি অন্নৰ বাবে
কতই হাঁহাকাৰ কৰি ফুৰে
কতই মৃত্যু মুখত পৰিছে
এমুঠি অন্নৰ বাবেই কতই
ভিক্ষাৰ পাত্র হাতত তুলি লৈছে !

পেটৰ ভোক পূৰাব নাপাই
ভোকাতুৰ জনে কান্দে
কোনেনো শুনিব
ভোকাতুৰৰ কান্দোন
যিয়ে কান্দিছে এমুঠি অন্নৰ  বাবে !


ধৰ্মেন্দ্ৰ নাথ
৭০৩৫০৮১৬৮৬

বৰপেটা বাক্সা (মানাহ)

No comments:

Post a Comment