বেটুপাত

বেটুপাত

Saturday, 14 October 2017

খেতিয়ক

তুমি পকা আঘোণৰ মেহ্ফিল দেখা নাই??
গাত বোকা লগা মানুহজন?
ইমানৰ পাছতো যিয়ে বুঢ়ালুইতক বেয়া নাপাবলৈ ভালপোৱাৰ ৰেৱাজ কৰে

বুঢ়ালুইতে উটুৱাই নিয়ে মানুহজনৰ এজাক আধাফুটা সেউজীয়া

আৰু সেউজৰঙৰ এমুঠি  সপোন....

ধূসৰ পানীত ওপঙি থাকে বহুতো তপত ঘাম

ধূসৰ পানীত জিলিকি থাকে বহুতো তপত উশাহ

কেঁচা মাটিৰ গোন্ধ পালেই মানুহজনে পাহৰি পেলায়

হাজাৰটা দুখৰ পেৰ'ডিত পোৰা মাটিৰ মানুহে কৰা অৰ্থহীন ৰহইছ্ বোৰ...

দুখ যে মানুহজনৰ  পুৰাতন ভেম


জ্ঞানদীপ শইকীয়া

জগন্নাথ বৰুৱা মহাবিদ্যালয়,

যোৰহাট।

No comments:

Post a Comment