বেটুপাত

বেটুপাত

Saturday, 14 October 2017

অসমাপ্ত অধ্যায়

বৰষুণৰ বতৰ।কলেজৰ ক্লাছ কেইটা কৰি আহি বিছনাত বাগৰ দিছো এনেই। বাহিৰত বৰষুণৰ মধুৰ শব্দ আৰু কাণত হেডফোন লগাই শুনি আছো হিটছ অফ আৰিজিত।

আৰিজিত সিঙৰ মিঠা মাততো কুৰুকি কুৰুকি সোমাই গৈছে হৃদয় ভিতৰলৈকে। মুখৰ আগত মনালিছা শইকীয়াৰ "শংখনিনাদ" খন আছে যদিও বৰষুনৰ গল্পবোৰে কিতাপৰ ফালে চকু নিব দিয়াই নাই।

এনেতে বিৰক্তি দায়ক ভাবে মেচেজ এলাৰ্ট বাজি উঠিল। নাচাও বুলিও চাই দেখিলো অচিনাকী নম্বৰ এটাৰ পৰা মেচেজ এটা আহিছে।

:: হাই ,কেনে আছা?

মইও ৰিপ্লাই দিলো

:আছো দিয়া।কোন বাৰু ছিনি পোৱা নাই মই।

:কিয় মোক পাহৰিলাই নেকি?

মই ভাবিলো লগৰ কোনোবাই চাগে ধেমালি কৰিছে। সেয়ে জাতীয় শব্দ দুটা মান পঠাই দিলো।

সিফালৰ পৰা ৰিপ্লাই আহিল।

:' যোৱা। আমাৰতো খৱৰ নোলোৱাই। মইয়ে লৈছো আৰু। লিখা মেলা বোৰ তোমাৰ পঢ়ি থাকো। বৰ ভাল লাগে জানা। তোমাৰ নামটো কাগজত দেখিলে। কবিতাবোৰ বুজি নাপালেও বুজিব চেষ্টা কৰো।

কৰো নকৰোকৈ ফোনটো লগালো।

: উমমম। বাৰু কোৱাচোন তুমি কোননো '?

সিমুৰৰ পৰা এটা চিনাকি যেন মাত

:কিয় হায়াৰ চেকেন্ডেৰীৰ  সময়বোৰ মনত নাই তোমাৰ? মই ইমন... ...  . .....আকৌ।কেনে আছা তুমি?আৰু ' আছা পঢ়ি আছা এতিয়া?

যোৰহাটতে।

শুনা ,তোমাক সিদিনা দেখিছিলো বৰুৱা চাৰিআলিত। খালি মাতিব নোৱাৰিলো।

এতিয়াতো তুমি দুৰ আকাশৰ তৰা!!

নাই কি যে কোৱা ,!!

বাৰু মোৰ নম্বৰ কেনেকে পালা?

কিয় শ্লেম বুকত লিখিছিলা যে।

অহ্ তোমাৰ খৱৰ কোৱাচোন।

উমম্ আছো দিয়া।জীৱন নামৰ Frame of referance  constrained motoin গতি কৰি আছো।

আস একেই আছা তুমি। অলপো সলনি নহ'লাচোন।পাগলামীবোৰ নুগুছিল। অকল বেকাবেকি কথা!

হি হি
..........
...........

বাই হা পাছত পাতিম কথা....

সচাঁই মনটো ভাল লাগি  'ল। এক বুজাব নোৱাৰা শিহৰণ জাগৃত ' শৰীৰত।মোৰ প্ৰথম প্ৰেম আছিল তাই পঢ়াত অতি চিৰিয়াছ ছোৱালী জনীক কিয় জানো মোৰ কিবা এটা ভাল লাগি গৈছিল। কোনোদিনেই কেৰিয়াৰৰ প্ৰতি সজাগ নোহোৱা মোক তায়ে বুজাইছিল পঢ়ছোন ভালকৈ। ডাঙৰ ডাঙৰ সপোন দেখ।উৰিবলৈ শিক আকাশলৈ।

লেখি ওকনিটোৰ সমান মোৰ পৃথিৱীখনত তাই হৈ পৰিছিল একমাত্ৰ বাসিন্দা।  খাৱন শোৱন বাদ দি কেৱল সপোন দেখিছিলো মই।কিন্তু আকাশ চোৱাৰ হাবিয়াস মোৰ নাছিল কোনো দিনেই। সেয়ে হয়তো ক্ৰমশঃ ভালপোৱা বোৰত কিবা এটা বিজুতি ঘটিছিল।

মাত্ৰ তিনিমাহ মানৰ এটা চুৰচুৰীয়া সম্পৰ্কৰ ইতি পৰিছিল হায়াৰ চেকেন্দেৰী পাছ কৰি ওলাই অহাৰ পাছত। তাই গুছি গৈছিল কোটালৈ মেডিকেলৰ কোচিংৰ বাবে আৰু মই ব্যস্ত হৈছিলো নিজৰ পৃথিবী খনত

এৰা এসময়ত মোৰো মন গৈছিল আঙুলি কেইটাৰে টিপিবলৈ 9856*****।কিন্তু কি ভাবি জানো হঠাতে ৰৈ গৈছিলো।মন নগৈচিল আমনি কৰিবলৈ তাইক। থাকক সুখেৰে নিজৰ পৃথিবীখনতে।

আজিৰ ফোনকল টোৱে যেন সকলো খেলি মেলি কৰি দিলে। তথাপি আকৌ খুলিবলৈ মন যোৱাৰ পাছতো জলছবিখন বুকুতে সামৰি সুতৰি ৰাখিলো।

"ঘুৰি নহাৰ প্ৰতিশ্ৰুতিৰে তেওঁ 'লগৈ..
তেওঁৰো বোকা পথাৰত খোজ দিবলৈ ভয়..
মইতো মাটিৰ প্ৰেমিক..
মোৰ আকাশ চাবলৈ ভয়.."

(হেমাংগ বৰদলৈ)


এৰা মানুহৰ জীৱনটোৱো চিনেমাৰ দৰেই হোৱা 'লে...' এটা সুন্দৰ সমাপ্তি থাকে মোৰ প্ৰথম প্ৰেমক প্ৰাপ্তিৰ শিখৰ চুমাব নোৱাৰিলোঁ কৈশোৰ জীৱনৰ প্ৰথমতো অসমাপ্ত অধ্যায় অসমাপ্ত হৈয়ে  থাকিব প্ৰথম প্ৰেম.......


কৌশিক ৰঞ্জন বৰা

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়

No comments:

Post a Comment