বেটুপাত

বেটুপাত

Sunday, 15 October 2017

এতিয়া মই ডাঙৰ হৈছোঁ



সৌ সিদিনা,


মই দেখোন আইৰ কোলাত আছিলোঁ

সামান্য পিয়াহৰ বাবেই মই

হাও-হাওকৈ কান্দিছিলোঁ।


মুক্ত আকাশৰ তলত বহি

মই হেনো মাটি খাইছিলো

বিশ্বাস নহয়, আকৌ সঁচা বুলিও মনে হয়

বাস্তৱ জীৱন চাই শেষত পতিয়ন গলোঁ।


সৌ সিদিনা,

কত যে লুকা-ভাকু গাত-গুটি খেলিছিলোঁ

লগৰৰ লগত কাজিয়া কৰিছিলোঁ,

কোনোবাই কন্দা দেখা পালেই আকৌ

নাকান্দিবা বুলি চকুপানী মচি দিছিলোঁ।


কোনোবাই আৱেগত বহি থকা দেখা পালে

আগুৱাই গৈ হাতত ধৰিছিলোঁ..

আৰু সুধিছিলোঁ," কি হৈছে তোমাৰ?

                           নাকান্দিব

                           লোৱা, মোৰ তাত এটকা আছে

                           চকলেট কিনি খাবা"


তেতিয়া মানুহজনৰ আৱেগে ভৰা মুখনিত

এটি উজ্জ্বল হাঁহি দেখা পাইছিলোঁ

আৰু

মই সৰু 'ৰাৰ কপালত এটা চুমা খাইছিল,

আৰু কৈছিল," তই ধন্য বোপাই, ধন্য হ।"


সৰু লৰা আছিলোঁ,

গোটেই দিন ডন হৈ ঘূৰিছিলোঁ,

সন্ধিয়া ঘৰত অহাৰ পিছত ' গৈছিলি বুলি সুধিলে--

মিছা কথা এটা বনাবলৈ নাপাহৰিছিলোঁ।


তথাপি,

         তাৰ মাজতো আছিল

         সুখ আনন্দেৰে পয়োভৰ হোৱা

         মোৰ এই জীৱন।



কিন্তু আজি,


মই দেখোন ডাঙৰ হৈছোঁ,

এতিয়া পিয়াঁহৰ বাবে নহয়,

পিয়াঁহীৰ বাবে কান্দিছোঁ।


এতিয়া সেই মুক্ত আকাশ

মই 'তো বিচাৰি পোৱা নাই,

আৰু ইয়াত অবিশ্বাসৰ কোনো প্ৰশ্নও নাই,

কাৰণ মই এতিয়া বুজি পাওঁ, এয়াও বাস্তৱ।


এতিয়া আগৰ লুকা-ভাকু আৰু নাই,

এতিয়া আছে জীৱনৰ ব্লু-হোৱেল গেম,

এতিয়া কাকো টকা দান নহয়,

   কোনোবা অন্ধই দানৰ বাবে লৈ থকা পাত্ৰটোৰ পৰা

    -- দান গ্ৰহণ।


কাৰণ এতিয়া মই ডাঙৰ হৈছোঁ,

এতিয়া আপোন স্বাৰ্থত ব্যস্ত মই,

    যদিও অতীত পাহৰা নাই।





ইমদাদুল আহমেদ
কটন বিশ্ববিদ্যালয়



No comments:

Post a Comment