বেটুপাত

বেটুপাত

Sunday, 15 October 2017

সুবাস সুন্দৰৰ মন্ত্ৰ


          
এৰি অহা দিন বোৰৰ সুবাস
এটা মিঠা আমেজ ভৰা ৰোমন্থন
নিৰৱচ্ছিন্ন ভাৱে বৈ আছে
বৈ থাকিব চিৰপ্ৰবাহিত ধাৰেৰে
বুকুত সাবটি লৈ অমৃত মন্থন
কল্পনাৰ বাগিচা এখন পাতিছা
মানুহৰ আবেগ সুৰুজৰ সতে
মিতিৰালি পাতি ফুৰিছা :
ফুলনিত বসন্তৰ কুঁহিপাত মেলিলে
নানা ৰঙী পখিলা হৈ নাচিছা
মন 'লে গাইছা
লাই হালে জালে মৃদং বাদং বাজিছে
লফা হালে জালে পাতে হে.....
শিৱ গোঁসাই আহিছে
ডম্বৰু বাজিছে
সুবাসৰ পদুলি
ৰজনজনাই উঠিছে ......
মূৰত মথুৰা পাগ মৰা
কোনোবা কোঁৱৰ আহি
কাৰেঙৰ বাতৰি 'লে
কাণ পাতি শুনিছা
কিযে অপৰূপ সুবাস
মিলনৰ পাওঁ যেন আভাস
আভৰণ তোমাৰ চিৰ লগৰী
প্ৰেমৰ মন্ত্ৰৰে 'বা আকোঁৱালি
এফুট দুফূট কৈ বাঢ়িব সমাহাৰ

জ্যোতিষ্মান হৈ ' সুবাস ধাৰাসাৰ


সঞ্জীৱ কুমাৰ বাইলুঙ
লাকুৱা

No comments:

Post a Comment