বেটুপাত

বেটুপাত

Monday, 16 October 2017

হিকটি কিয় আহে আৰু প্ৰতিকাৰৰ উপায়


হিকটি বা হেঁকটিৰ অভিজ্ঞতা নথকা মানুহ বিশ্বত বিৰল শিশুৰ পৰা বৃদ্ধলৈ, পুৰুষ-মহিলা
আটাইৰে জীৱনকালত কেতিয়াবা নহয় কেতিয়াবা হিকটিৰ অনুভৱ হোৱাটো এক স্বাভাৱিক পৰিঘটনা
হাঁচি আৰু কাহৰ উপকাৰিতা থকাৰ বিপৰিতে হিকটিৰ কিন্তু কোনো উপকাৰিতা নাই দেখা যায় মহিলাৰ
তুলনাত পুৰুষৰ হিকটি বেচিকৈ আহে সাধাৰণতে দিনটোৰ বিয়লি ভাগত হিকটি বেচিকৈ আহে আমাৰ
অসমীয়া লোক বিশ্বাসমতে হিকটি আৰু চৰ্চৰণি মানুহজনক কোনোবাই আতৰৰ পৰা স্মৰণ কৰিলে আহে
প্ৰকৃততে হিকটি কিয় আহে, হিকটিৰ পৰা হেৱা অসুবিধা কি আৰু ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব -
তাকে আজি আলোচনা কৰিব ওলাইছোঁ
পাঠকসকলে শুনি আহমোদ পাব আমেৰিকাৰ আয়ৱা প্ৰদেশৰ এন্থন চহৰত ১৮৯৪চনত জন্মা চালৰ্চ
অচবৰ্ণ নামৰ ব্যক্তি এজনে একেলেথাৰেয়ে ৬৮ বছৰ হিকটি মৰাৰ বিশ্বৰেকৰ্ড গঢ়ি থৈছে গিনিজ বুকৰ
তখ্যমতে আৰম্ভণিৰ কেইবাটাও দশকলৈ মিনিত ৪০টা হিকটি মাৰিছিল আৰু জীৱনৰ অন্তিম সময়ত
মিনিতত ২০টাকৈ হিকটি মাৰি গৈছিল ১৯৯১চনত প্ৰয়াণ কৰা চালৰ্চ অচবৰ্ণৰ ওপৰত প্ৰয়োগ কৰা সকলো
চিকিৎসা ব্যৰ্থ হৈছিল
কম সময়ৰ বাবে অহা হিকটিৰ একো অপকাৰিতা নাই বহুতৰ ক্ষেত্ৰত হিকটি নিজে নিজেই বন্ধ
হয়৷ কিন্তু কোনো কোনো ব্যক্তেৰ দুদিন বা সপ্তাহৰো অধিক সময়যুৰি হিকটি আহি থাকে তেনেলোকে
গভীৰ অস্বস্থি আৰু লোকলজ্জাত ভোগে ৷নিজে নিজে নাইবা সাধাৰণ ঘৰৱা প্ৰয়াসৰ যোগেদি হিকটি বন্ধ
নহলে সেই ব্যক্তিজনে চিকিৎসকৰ ওচৰ চপা উচিত সাধাৰণতে জৰুৰীকালীন চিকিৎসা, কাণ-নাক-
ডিঙিৰ বিশেষজ্ঞ, মেডিচিনৰ বিশেষজ্ঞ, বক্ষৰোগৰ বিশেষজ্ঞই হিকটিৰ চিকিৎসা আগবঢ়াই যদিও
প্ৰয়োজনসাপেক্ষে মনোৰোগৰ বিশেষজ্ঞ আৰু চাৰ্জৰো সহায়ৰ আৱশ্যক পৰিব পাৰে
হিকটি কি ? হিকটি হল ডিঙিৰ পৰা উৎপন্ন হোৱা ছুটি আৰু তীক্ষ্ণ শব্দ - ইয়াৰ সৃষ্টি হয়
ডায়েফ্ৰামত আকষ্মিক সংকুচন হলে বায়ুনলীৰ (ট্ৰেকিয়া) উৰ্ধাংশত অৱস্তিত শ্বাসৰন্ধ ('টি ) জাপ খাই
যোৱাৰ ফলত ডায়েফ্ৰাম হাওঁফাওঁ তলপ সেই মাংসপেশী যি নিশ্বীস লোৱাক আমাক সহায কৰে
ডায়েফ্ৰামৰ লগত সংলগ থকা নাৰ্ভডালৰ নাম ফ্ৰেনিক নাৰ্ভ হিকটি হল এবিধ ৰিফ্লেস্ক প্ৰক্ৰিয়া -
অৰ্থাৎ এবিধ স্বয়ংক্ৰিয় (অটমেটিক) ক্ৰিয়া যাক মানুহে নিয়ন্ত্ৰন কৰিব নোৱাৰে
হিকটি অহাৰ সৰু ডাঙৰ কাৰণ কিছুমান তলত উল্লেখ কৰিলোঁ : -
খৰকৈ বেচি মাত্ৰাত ভোজল কৰিলে, মদ্যপাণ, ধূমপাণ, আকষ্মিক গৰম আৰু শীতল পানীয়ে্ ওপৰা-
ওপৰিকৈ গ্ৰহন কৰিলে , গেছযুক্ত পানী সেৱন কৰিলে হিকটি আহা দেখা যায় পুৱাই খালি পেটত তীব্ৰ
জলা বা চোকা খালেও হিকটি আহে মনৰ আকষ্মিক ষ্ট্ৰেচ, উদ্বিগ্নতা, উত্তেজনাও হিকটি অহাৰ
কাৰণ কৰণ হব পাৰে
-পাক প্ৰণালীৰ লগত জড়িত হিকটি অহাৰ কাৰণ - গেষ্ট্ৰইছফেজিয়েল ৰিফ্লাস্ক ডিজিজ, ডিউডিনেল
আলচাৰ, এপেণ্ডিচাইটিচ, পিত্ত আৰু লিভাৰৰ অসুষ, ইৰিটেবল বাৱেল চিনড্ৰম, ইনটেষ্টাইনেল বাৱেল

অবষ্ট্ৰাকচন ইত্যাদি


ডাক্তৰ ভূপেন শইকীয়া
ডোহা, কাটাৰ

No comments:

Post a Comment