বেটুপাত

বেটুপাত

Sunday, 15 October 2017

দীনতা

: অলপ পুৰণি দিনৰ কথা। সেই সময়ত দাস প্ৰথাৰ প্ৰচলন আছিল দাস প্ৰথা অনুযায়ী প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলাক, বজাৰত মুক্তভাবে কিনা-বেচা কৰা হৈছিল

সেই সময়ত, এখন চহৰত এহাল লৰা ছোৱালীৰ সতে, এগৰাকী বিধৱা মহিলা বাস কৰিছিল লৰাজন ১১ আৰু ছোৱালীজনী ১০ বছৰ বয়সৰ আছিল।

স্বামীৰ মৃত্যুৰ পিছত, উপাৰ্জনৰ কোনো পথ নথকাত, চৰম দাৰিদ্ৰৰ মাজেৰে পৰিয়ালটোৱে দিন কটাবলগীয়া হৈছিল আৰ্থিক অনাটনে জুৰুলা কৰা মানুহজনীয়ে, লৰা ছোৱালী দুটাক, দুবেলা দুমুঠি ভাত দিবলৈ অক্ষম হৈ পৰিছিল দিনক দিনে অৱস্থা বেছি বেয়ালৈ যোৱাত, এদিন নিশা, লৰা-ছোৱালী দুটাক মাকে মাতি কলে,

" এপদ এপদকৈ ঘৰৰ সকলো আচবাব, বাচন-বৰ্তন চব বেচি ইমানদিনে, কোনোৰকম তোমালোকক ভাত কেইটা দি আছিলো কিন্তু বৰ্তমান তোমালোক দুয়োকে, ভাত এমুঠি দিবলৈকে মোৰ হাতত কূটা এডালো নাই গতিকে মই বহু চিন্তাৰ মূৰত, এটা সিদ্ধান্ত লৈছো "

'ৰা : কি সিদ্ধান্ত মা ?

মাক : কাইলৈ তুমি মোক বজাৰলৈ নি, বিক্ৰী কৰি আহিবা মোক বিক্ৰী কৰা পইচাৰে তোমালোকৰ জীৱন সুকলমে চলিব

ছোৱালী : মা তুমি এইয়া কি কৈছা ? তাতকৈ মোক বিক্ৰী কৰা, তুমি আৰু দাদা কুশলে থাকিলে, মোৰ জীৱন ধন্য হৈ যাব।

লৰা : মা, মোক বিক্ৰী কৰা, মোক পূত্ৰ আৰু ভাতৃৰ কৰ্তব্য পালন কৰিবলৈ দিয়া

মাক : তোমালোক দুয়োজন নাবালক আৰু নাবালিকা, মাতৃ ধৰ্ম্ম অনুসৰি ভৰণ-পোষণ আৰু সুৰক্ষাৰ উত্তৰদায়িত্ব মোৰ।

(পূতেকক উদ্দেশ্যি )

মোৰ শেষ কথা, কাইলৈ তুমি বজাৰলৈ নি মোক বিক্ৰী কৰিবা। এইয়া মোৰ অনুৰোধ নহয়, আদেশ বুলি জানিবা।

লৰা : (কিবা এটা চিন্তা কৰি)

ঠিক আছে মা, তোমাৰ আদেশ শিৰোধাৰ্য

গধুৰ মনেৰে মাক আঁতৰি যোৱাৰ পিছত, ভনীয়েকে ককায়েকক কান্দি-কান্দি কলে ,

" দাদা, এইয়া তুমি কি কৰিলা! মাৰ কথাত কিয় সৈমান 'লা ? কাইলৈ তুমি বজাৰলৈ যাব নোৱাৰিবা, মই কেতিয়াও যাব নিদিওঁ "

লৰা : নাকান্দিবি ভনী, কাইলৈ মাক লৈ, বজাৰলৈ যাম ঠিকেই কিন্তু তই চাবি, মাক লৈ পুনৰ মই ঘৰলৈ উভতি আহিম

( কিঞ্চিত উৎসাহিত হৈ )

ছোৱালী : সঁচাকৈয়ে দাদা, কিন্তু কেনেকৈ ?

লৰা : তই চাবি, মই মাৰ বিক্ৰী মূল্য, গ্ৰাহকক ইমানেই বেছিকৈ বঢ়াই কম যাতে, কোনেও নিকিনে


সঞ্জীৱ প্ৰসাদ মজুমদাৰ

চুৰাট, গুজৰাট

No comments:

Post a Comment