বেটুপাত

বেটুপাত

Saturday, 14 October 2017

সুখৰ পোহৰ বিচাৰি ফুৰা জোনাকীজনী

আঁউসীৰ সেমেকা ৰাতি

সুখৰ পোহৰ বিচাৰি

আহিছে জোনাকীজনী।

সেউজীয়া ধৰণীৰ দুৱৰি গচকি

নিয়ৰৰ মুকুতা বুটলি ,

গাঁঠিছে পোহৰৰ মালা

প্ৰকৃতিৰ বুকুত জেউতি চৰা

জোনাকীজনীয়ে;

আঁউসীৰ কালিমা সনা

ওৰণিৰ তলত ঢাক যোৱা ,

চন্দ্ৰমাক কৰিছে মুকলি

নিজৰ অস্তিত্ব নাশ কৰি

কৰিছে পোহৰ সেউজীয়া ধৰণীক।

আজি জোনাকীজনী যেন অসুস্হ

কাৰো নাই সময়

সকলো নিজৰ মাজত ব্যস্ত

জোনাকীক আজি সকলোৱে ' পাহৰি

সেমেকা আঁউসীৰ ৰাতি পোহৰ বিলোৱা ,

সেউজীয়া ধৰণীক জীপাল কৰোৱা

জোনাকীজনীক ;

আজি খবৰ 'বলৈ কাৰো নাই আহৰি

জোনাকীজনী, নালাগে তই পোহৰ বিলাব

বহুত দিলি জ্বলাঞ্জলি তই

যাগৈ তই জোনাকী কাৰেঙলৈ ,

তাতেই পাবি তোৰ বিচৰা সুখ

এৰি যা প্ৰকৃতিৰ মায়া-মোহ।

প্ৰকৃতিখন বহুত ধুনীয়া ,

কিন্তু

ইয়াৰ আঁৰৰ সকলো বস্তু ঘূণীয়া॥







বিদ্যুৎ বৰুৱা
কাজিৰঙা মহাবিদ্যালয়


No comments:

Post a Comment