বেটুপাত

বেটুপাত

Sunday, 15 October 2017

সুবাসৰ অক্টোবৰ মাহৰ অতিথি


সুবাস আলোচনীৰ অক্টোবৰ মাহৰ বিশেষ অতিথিৰ বাবে  আমি যোগাযোগ কৰিছিলো অসমৰ অগ্নিকন্যা জাহ্নৱী গোস্বামীৰ সৈতে । অসম সমাজ জীৱনৰ জনপ্ৰিয় নাম জাহ্নৱী গোস্বামী বিষয়ে সকলোৱে জানে যদিও আহক পুনৰ তেওঁৰ বিষয়ে আজি সবিশেষ জানো,
      জাহ্নৱী গোস্বামী,নামেই যাৰ পৰিচয়,বৰ্তমান তেওঁ আচাম নেটৱৰ্ক অফ পজিটিভ পিপল আৰু অসম এইডছ কনট্ৰোল চোঁচাইটিত কৰ্মৰত মাত্ৰ ১৭ বছৰ বয়সত বিবাহপাশত আবদ্ধহৈ বিবাহৰ দুই বছৰ ভিতৰতে নিজৰ স্বামী,সন্তান সকলোকে হেৰুৱাই লগতে নিজেও এইডছৰ দৰে ভয়াৱহ ৰোগত আক্ৰান্তহৈ তেওঁ যেন হেৰুৱাই পেলাইছিল জীয়াই থকাৰ সকলো সম্বল কন্যা আৰু পতিৰ মৃত্যুৰ পাছত তেওঁৰ বাবে কোনো স্থান নোহোৱা হৈছিল স্বামীৰ গৃহত ডাক্তৰে কৈছিল,"আপুনি আৰু মাত্ৰ তিনি মাহ জীয়াই থাকিব।" এই সকলোবোৰ জীৱনত ঘটি যোৱাৰ পাছতো অসমৰ জনগণৰ সাহসৰ প্ৰতীক তথা বহুতৰ জীয়াই থকাৰ প্ৰেৰণা "জিন্দেগী লাইভ" বঁটাৰে পুৰস্কৃত জাহ্নৱী গোস্বামী বাইদেৱে ডাক্তৰে তিনিমাহ জীয়াই থাকিব বুলি কোৱা তেওঁৰ জীৱনটো এনেধৰনে পৰিৱৰ্তন কৰিলে যে আজি তেওঁ বিশ্ব বাসীৰ বাবে আদৰ্শ স্বৰূপ
       আপোনালোকলৈ আগবঢ়ালো এই টেলিফোনিক  কথোপকথন,

প্ৰশ্ন:- বাইদেউ আপোনাৰ জন্মৰ বিষয়ে জনাব চোন?
উত্তৰ:-মোৰ জন্ম নগাঁও জিলাৰ কামপুৰত ১৬ ছেপ্টেম্বৰ ১৯৭৬ হৈছিল।
প্ৰশ্ন:- আপোনাৰ আনুষ্ঠানিক শিক্ষা কেতিয়া আৰু ' হৈছিল?
উত্তৰ:- মই কামপুৰ গাৰ্লছ হাইস্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰিছিলোঁ।
প্ৰশ্ন:-আপোনাৰ শৈশৱৰ স্মৰণীয় অভিজ্ঞতাৰ বিষয়ে অলপ কব চোন।
উত্তৰ:- মোৰ শৈশৱ কাল কামপুৰতে অতিবাহিত হৈছিল। সৰুতে আমি বহুতো ধেমালি কৰিছিলোঁ লগৰ ছোৱালীৰ লগত ভোজ খোৱা,হাঁহৰ কণী,আম আদি চুৰি কৰা আদি বহুতো ধেমালি কৰিছিলোঁ।সৰুতে ঘৰৰ পৰা চাউল আনি ভোজ খাইছিলোঁ। সকলোৰে ঘৰৰ পৰা বেলেগ বেলেগ চাউল অহাৰ বাবে ভাতবোৰো এটা ডাঙৰ এটা সৰু হৈছিল।কিন্তু সেই ভাতৰ আমেজেই সুকীয়া আছিলে।
প্ৰশ্ন:-আপোনাৰ বৈবাহিক জীৱনৰ বিষয়ে কওক চোন।
উত্তৰ:-মোৰ বয়স ১৭ বছৰ হওঁতেই মোৰ বিয়া হৈছিল এটা আঢ্যৱন্ত পৰিয়ালত।বিয়াৰ পাছত আমাৰ জীৱনলৈ আহিছিল আমাৰ সন্তানটি।কিন্তু নিয়তিৰ কোপদৃষ্টিত মোৰ স্বামীৰ দেহত এইচ.আই.ভি. ভাইৰাছ ধৰা পৰিছিল আৰু মোৰ স্বামী আৰু মোৰ ছোৱালী জনী হেৰাই গৈছিল।মোৰো দেহত ধৰা পৰিছিল এইডছ ৰোগ।তেতিয়া আমি এনে এটা ৰোগযে গমেই পোৱা নাছিলোঁ।বহুতো ভয় খাইছিলোঁ , ডাক্তৰে কৈছিল যে মোৰ জীৱনত মাত্ৰ আৰু তিনিটা মাহ আছে।স্বামীৰ ঘৰখনে মোক আদৰি লোৱা নাছিল।মাৰ ঘৰলৈ ঘূৰি আহিছিলোঁ মই।

প্ৰশ্ন:-আপোনাৰ কৰ্মজীৱনৰ বিষয়ে জনাব বাইদেউ।
উত্তৰ:- মাৰ ঘৰলৈ ঘূৰি অহাৰ পাছত মায়ে মোক সাহস দিছিলে কিবা এটা জীৱনত কৰাৰ গুৱাহাটীলৈ আহি মই মানুহৰ পৰা বহুতো ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ।আজিও যদিও সম্পূৰ্ণৰূপে শেষ হোৱা নাই , তথাপি তেতিয়া বহুত বেছি অন্য দৃষ্টিৰে চাইছিল মানুহে।বহু ঠাইত ভাড়া ঘৰৰ পৰায়ো মই ওলাই যাব লগা পৰিস্থিতি হৈছিল।আজি আগৰ দৰে পৰিস্থিতি নাই যদিও আজিও সাক্ষৰতাৰ অভাৱত বহুতে এইডছৰ ৰোগী সকলক হেয় জ্ঞান কৰে।
প্ৰশ্ন:-এগৰাকী সমাজ সেৱিকা হিচাপে আপুনি কেনেধৰণৰ কামৰ ধৰণৰ কাম কৰি আছে?
উত্তৰ:- মই যিহেতু স্বাস্থ্য খণ্ডৰ লগতে জড়িত বিশেষ ভাৱে এইডছ ৰোগী সকলৰ বাবে আমি কাম কৰোঁ। মোৰ ছোৱালী কস্তুৰীৰ নামেৰে মোৰ কস্তুৰী কেয়াৰ শিশু গৃহ বুলি মোৰ এখন অনাথ আশ্ৰম আছে।তাত ১৮ টা এইডছ আক্ৰান্ত শিশু আছে তেওঁলোকৰ লগতে অসমৰ বিভিন্ন চুকে কোনে থকা এইডছ আক্ৰান্ত ৰোগী সকলৰ বাবে যি পাৰো কৰি আছো ৰক্তদাতা নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ লগতো জড়িত হৈ আছোঁ।তাৰ দ্বাৰা গোটেই অসম জুৰি ৰক্তদান কৰা হয়।
প্ৰশ্ন:- বৰ্তমান চৰকাৰে এইডছ ৰোগী সকলৰ বাবে কৰা খিনিকলৈ আপুনি সন্তুষ্ট।নে?
উত্তৰ:- হয়,কাৰণ অন্য বহুতো স্থানতকৈ অসমত এইডছ ৰোগী সকলৰ বাবে যথেষ্ট বেছি সা সুবিধা প্ৰদান কৰা হৈছে।যদিও কেতিয়াবা ৰঙা ফিটাৰ মেৰপাছত কিছুমান ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হয় তথাপিও স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জনাম।তেওঁ যথেষ্ট কৰিছে এইডছ ৰোগী সকলৰ বাবে।
প্ৰশ্ন:-আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি?
উত্তৰ:-তেনে একো পৰিকল্পনা নাই,সন্মুখত যি কাম দেখোঁ কৰি যাম।যেতিয়ালৈকে পাৰো কাম কৰি যোৱাৰ ইচ্ছা আছে।
প্ৰশ্ন:-এইডছ ৰোগী সকলৰ বাবে আপুনি কি কব বিচাৰিব?
উত্তৰ:-এইডছ ৰোগী সকলক মই এইয়াই কব বিচাৰিম,কোনো হতাশ নহব,নিজকে সমাজৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা কৰাৰ পৰিবৰ্তে সমাজৰ আগলৈ আহি চিকিৎসা সেৱা গ্ৰহণ কৰিলেহে আমি এই ৰোগৰ পৰা সমাজ খনক মুক্ত কৰিব পাৰিম।
প্ৰশ্ন:-সমাজৰ অন্য ব্যক্তি সকলক কি কব?
উত্তৰ:- সমাজৰ ব্যক্তি সকলক কম যে , সকলোৱে যাতে এইডছ আক্ৰান্ত ব্যক্তি সকলক সমাজৰ এজনহৈ জীয়াই থকাত সহায় কৰে।ভেদাভেদ নাৰাখি সকলোকে নিজৰ মাজৰ এজন বুলি ভাবি উপযুক্ত চিকিৎসা সেৱা লৈ সমাজৰ বাবে কাম কৰাত সহায় কৰে যেন।
প্ৰশ্ন:-সুবাস আলোচনী খনৰ সম্পৰ্কে আপুনি কি কব?
উত্তৰ:-সুবাস , এটা খুবেই ধুনীয়া নাম।অসমৰ সাহিত্য জগতলৈ এক জোৱাৰ আনিব বুলি আশা ৰাখিছোঁ।খুব ধুনীয়া ধুনীয়া লেখা প্ৰকাশ হয় আলোচনী খনত।তোমালোক আগুৱাই যোৱা,তাৰেই কামনা কৰিলোঁ।

         ধন্যবাদ বাইদেউ,আপোনালৈ সুবাস আলোচনীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।আপুনি সমাজৰ বাবে বহুতো কৰিছে,আশা কৰোঁ সদায় কৰি যাব।আমাৰ শুভকামনা সদায় আপোনাৰ ওচৰত থাকিব।

টেলিফোনিক  কথোপকথন:-- 

দেৱব্ৰত শৰ্মা

No comments:

Post a Comment