বেটুপাত

বেটুপাত

Saturday, 14 October 2017

নিসংগতাৰ সংগী - এই নষ্ট কবি

আৰুনো কি কৰিবা - যন্ত্ৰণাবোৰ চোবাইছো

ৰিক্ততাৰে লিখিছো ইয়াৰ পৰা -

ঠিক পৃথিৱীত নহয়


এতিয়া যে -

সৰাপাতবোৰত জুই জ্বলিছে

আৰু ছাঁই হোৱাৰ উপক্ৰম হৈছে

সম্প্ৰতি -

সেইবোৰৰ মাজতে লুতুৰি - পুতুৰি হৈ খেলিছো

তথাপি যদি শেষবাৰলৈ তিতিব পাৰো

ইয়াতকৈ আৰু একোই নিবিচাৰো :

যিহেতু

নিসংগতাৰ সংগী - এই নষ্ট কবি



দীপাংকৰ ৰায়

No comments:

Post a Comment