বেটুপাত

বেটুপাত

Sunday, 24 September 2017

মোৰ হোষ্টলীয়া জীৱন

মই আগ্ৰহটো লৈ আহিলোঁ-----
মাটিডৰা মৈয়াই
ডাঙৰিকেইটা ওখোনাই
মাছকেইটা কাটি বাচি
হাঁহ পাৰ গৰু ছাগলীকেইটা মেলিলোঁ
পুৱাই সেউজীয়া বৰষুণৰ কামিজ পিন্ধা
এমোকোৰা ৰক্তিম পিক !

পিৰালিতে পুতাইৰ বা কি ',হৈয়েই---
হাল সোনকালে মেলিলে
বৰবোপা হোষ্টেলত
পালেগৈনে------
সহজ ' পাৰিছেনে
ওখ ওখ বিল্ডিংবোৰ
গুৰুগম্ভীৰ শিক্ষাগুৰুৰ
সৈতে সৰল বা 
হৈছে বা নাই,
কেনেকৈ,',
কেতিয়া----
সৰুপোনাই এপাকত
বৰবোপাৰ হোষ্টেলৰ
সকলো নিয়ম-কানোন
বুজাই দিলে---
বুজাই দিলে---
নাহৰ পাতে
জলবায়ুত দোঁ
খোৱাৰ দৰে
শিক্ষকসকলৰ
গাম্ভীৰ্যত দোঁ খোওৱা
বহু মুখ 
নেদেখা মুখ
নিচিনা মুখ

জকাইচুকীয়া
মুখ খনেও
একেলগে---
ফুলক ফুল হৈ
নাচক চম্পা হৈ
বাজক সপ্তসুৰ হৈ
দেহত জিলিকক
চৌষষ্ঠি কলাৰে কল্লোলিত হৈ
ক্ৰমশঃ 
আইৰ নিৰিবিলিৰ বোকোচাত
পিতাইৰ জোৰা টাপলিত
আকৌ সপোনটোৱে অগা-ডেৱা কৰিবলৈ ধৰিলে...|

শ্ৰী ৰাজেন দাস৯৯৫৪৯০০২১৪

No comments:

Post a Comment