বেটুপাত

বেটুপাত

Sunday, 24 September 2017

মোৰ কবিতাৰ পথত ,সি জোনাক হৈ নামিব এদিন


তাৰ সপোন সপোন যেন দুচকু
মোৰ চিৰ পৰিচিত।
এনে লাগে যেন,
তাৰ গভীৰ সাগৰ সদৃশ দুচকুত
এবাৰ সাঁতুৰি চাম।
নিৰৱছিন্ন ভাৱেৰে মাথো
অবিৰাম বৈ যাম।

তাৰ হৃদয় খন,
বিশাল আকাশৰ দৰে
তাত কাৰোবাৰ স্থান 
পুৱাৰ তেজোদীপ্ত সূৰুযৰ দৰে।
কাৰোবাৰ স্থান ঠিক যেন
শীতল স্নিগ্ধ পোহৰৰ চন্দ্ৰমাৰ দৰে।
কোনোবা হয়তো থাকে
তৰাৰ দৰে দশোদিশে।
মোৰ বাবে এটি স্থান নোলাবনে
মাথো পপীয়া তৰাৰ দৰে।

মন যায় ,
তাৰ ৰামধেনু সদৃশ হাঁহিটোক
মোৰ মনৰ কেনভাচত 
এনেদৰে সজীব কৰি ৰাখিম,
দুখৰ মাজ মজিয়াত যাক সোঁৱৰি 
মনে মনে হাঁহিম এদিন।
নাজানো জীৱন কোন দিশে ধাৱমান হয়,
তথাপি মোৰ কবিতাৰ পথত
সি জোনাক হৈ নামিব এদিন।।
       

গায়ত্ৰী শইকীয়াগোলাঘাট 



No comments:

Post a Comment