বেটুপাত

বেটুপাত

Sunday, 24 September 2017

শৰৎ

শৰৎ এটি হেঁপাহৰ নক্ষত্ৰ 
প্ৰজ্জোলিত শেৱালীৰ প্ৰাণ
নিৰৱতাৰ দুৱাৰ খুলি 
জোস্নাৰ চিকিমিকি পোহৰত
গেৰুৱা বসন পিন্ধি
ফুটা নুফুটা হাঁহিৰে
শৰতৰ আকাশ বতাহত
মিঠা সুবাস সানিবলৈ
পুনৰ আগমন শাৰদী ৰাণীৰ,
অশুভ শক্তিৰ বিনাশ কৰি
চৌপাশে সুখৰ কোলাহল সিঁচি
শৰতৰ আকাশৰ মনোৰম পৃষ্ঠাত 
পুনৰ চিহ্নিত '
এখনি ৰঙীন কেনভাচ.......|

মাধুৰীমা শইকীয়া 



No comments:

Post a Comment