বেটুপাত

বেটুপাত

Sunday, 24 September 2017

দৰং কলেজৰ বগা চুৰ্ণী লোৱা ছোৱালীজনী

 অ' দৰং কলেজৰ বগা চুৰ্ণী লোৱা ছোৱালী জনীকুশলে আছা নে তুমি ?
আছে নে তোমাৰ সেই মৰমলগা
স্বভাৱবোৰ?
সেই যে ঠেঁহ ধৰা,অভিমান কৰা,
কাজু খাই ভাল পোৱা।একেই আছেনে তোমাৰ সেইজীৱনৰ আশা দেখুওৱা হাঁহিটো?
সেইযে তোমাৰ জীৱনৰ সপোন বোৰ,
আজিও দেখা নে?
সকলো দেখা চাগৈ,
মাথোঁ মোৰ অবিহনে।মই যে এটা সপোন হব নোৱাৰিলোঁ।হব নোৱাৰিলোঁ এটা ভালপোৱাৰ নাম...
দৰং কলেজৰ
বগা চুৰ্ণী লোৱা ছোৱালীজনী,
আজিও ধুনীয়াকৈ চকুতকাজল সানা নে তুমি?
উৰে নে তোমাৰ স্ত্ৰেইট কৰা কলা চুলিকোছা?
 বহুদিনেই ' তোমাক নেদেখা,
শুনাও নাই তোমাৰ মাত...
দেখোঁ মাথোঁ সপোনত,
তোমাৰ সেই মৰমলগা হাঁহিটোৰ সৈতে,
তোমাৰ এধান মান মাতটো,
বুকুখনৰ ওপৰেদি বৈ যায়,
সুৰৰ ঝংকাৰ তুলি,
জাষ্টিন দাৰ দৰেইগাই উঠিব মন যায়,
" কিনো কেনা লাগিলে,
কব যে নোৱাৰো,
নুবুজা হৃদয়ক বুজাব যে নোৱাৰো,
অভিমানী,
নুবুজিলা তুমি।"
 নাহিবাচোন সপোনত,
সাৰ পাই তোমাক বিচাৰি
বহু কষ্ট হয় ...
বহু কষ্ট পাই গাৰুটোৱেও,
তাৰ যে কোমল তুলাবোৰগৰম লুণীয়া পানীত তিতি উঠে,
প্লিজ , নাহিবাচোন সপোনত,
নামাৰিবা চোন সেই হাঁহিটো
...


      
কৌস্তুভ বৰা (কানু)

No comments:

Post a Comment