বেটুপাত

বেটুপাত

Sunday, 24 September 2017

সপোন

হয়তো এদিন এখিলা পকা পাতৰ দৰেই সৰি সকলো শেষ হৈ যাব
শেষ 'বা তুমি
শেষ ' মই;
আৰু লগতে শেষ ' আমাৰ অযুত অপূৰ্ণ সপোন
যি সপোনে তবলাবাদক জাকিৰ হুছেইনৰ তবলাবাদনৰ তালে তালে
পূৰ্ণ হোৱাৰ সপোন দেখিছিল ,
যি সপোনে মাইকেল্ জেকচনৰ নাচৰ ভংগীমাত ডেও দি নাচিছিল,
যি সপোনে সুগায়ক জুবিন গাৰ্গৰ কন্ঠত জীপাল হৈ উঠিছিল ;
সেই সপোন আজি মৃতপ্ৰায়।
নাই সেই সপোনৰ উৎস
সেই সপোন আজি শেষ হায় !



ৰূপক

No comments:

Post a Comment