বেটুপাত

বেটুপাত

Sunday, 24 September 2017

নগেন কা কামাল

আজিৰ পৰা কিছু বছৰ আগৰ কথা। নগেন তেতিয়া হাইস্কুলৰ ছাত্ৰ স্কুলৰ হিন্দী বিষয়ৰ শিক্ষক আছিল লীলাধৰ মিশ্ৰ। সেই সময়ৰ শিক্ষক সকলৰ বেছিভাগেই ধূতি পাঞ্জাবী পিন্ধিছিল বিশেষকৈ হিন্দী বা সংস্কৃতৰ বিষয় শিক্ষক সকলে, ধূতি পাঞ্জাবীয়েই পিন্ধিছিল
শ্ৰেণী কোঠাত সোমাই মিশ্ৰচাৰে, হিন্দী গদ্যপাঠৰ এটা গল্প উলিয়াই চবকে পঢ়িবলৈ দি মেজৰ ওপৰত ভৰিদুখন তুলি বহি ললে। ভৰ দুপৰীয়া বিৰতিৰ পিছৰ সময় বুলিয়েই মিশ্ৰচাৰে টোপনিয়াব ললে।
কিছুসময়ৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ ক্ৰমান্বয়ে বাঢ়ি যোৱা হাঁহিৰ উচ্চস্বৰত মিশ্ৰচাৰৰ টোপনি ভাঙিল। টোপনিৰ জালত, প্ৰথমতে কি ' একো ধৰিব নোৱাৰি মনে মনে থাকা বুলি কৈ, কি ' সুধিলে।
হাঁহিৰ কাৰণ যিমানেই সুধিছে, কোনেও একো নকৈ আৰু বেছিকৈহে হাঁহিৰ খলকনি তুলিছে
আপুনি ভাবি চাওকচোন এনে এটা পৰিস্থিতি ' আপুনি হাঁহিৰ কাৰণ জানিব বিচাৰিছে, অথচ কোনেও একো সদুত্তৰ নিদি কেৱল হাঁহি থাকিলে, কেনেকুৱা খং উঠে মিশ্ৰচাৰো ইয়াৰ ব্যতিক্রম নাছিল, তথাপি খং দমন কৰি কলে,
"এটা কথা মই কৈ থলো, ভালে ভালে বুলি কৈছোঁ নহলে শ্ৰেণীৰ সকলোকে চেকনিৰে কোবাম।"
তথাপি কোনেও একো এটা নোকোৱাত, চাৰে নগেনক সুধিলে,
"চা নগেন, তই পঢ়াশুনাত যিয়েই নহৱ কিয়, তোক মই আজিলৈকে মিছা কথা কোৱা দেখা নাই। কচোন কি হৈছে ? সঁচা কথা কলে মই কাকো একো নকৰো।"
নগেনে অলপ দোধৰমোধৰ কৰিছিল যদিও, মিশ্ৰচাৰৰ দ্বাৰা সঁচা কথা কোৱাৰ বাবে প্ৰেৰিত হৈ কলে,
"চাৰ, মানে চাৰ, মানে চাৰ আপুনি মেজৰ ওপৰত ভৰিদুখন তুলি বহাত, আপোনাৰ ধূতিখন অকণমান আঁতৰি গৈছিল। সঁচা কথা কবলৈ কলে বাবে কৈছোঁ চাৰ, আমি চবেই সেই কাৰণেহে হাঁহিছিলো।"
কথাষাৰ শেষ হব নাপাঁওতে পুনৰ সকলোৱে গিৰ্জনি মাৰি হাঁহিব ধৰিলে। মিশ্ৰচাৰ, সকলো সময়ৰ ঐচ্ছিক বিষয়ৰ চাৰ সকলৰ দৰেই, বৰ অমায়িক স্বভাৱৰ মানুহ আছিল সিদিনা কি ' জানো, শান্ত -শিষ্ট মানুহজন খং আৰু লাজতে "সঁচা কথা কলে নামাৰো" বুলি কৈয়ো নগেনক চেকনিৰে খুব মাৰিলে।
চাৰ সেইদিনাখনৰ বাবে শ্ৰেণী সামৰি ওলাই 'ল। সঁচা কথা কোৱাৰ বাবে নগেনৰ বন্ধু মহলত সঁচাকৈয়ে নাম আছিল সেইদিনাখন সঁচা কথা কৈ, নগেনেও অপ্ৰত্যাশিতভাবে মাৰ খাই বৰ দুখী হৈ পৰিল।
পিছদিনাখন মিশ্ৰচাৰ আহি আগদিনা হোৱা ঘটনাৰ গুৰুত্ব আৰু দুখ কিছু লাঘৱ কৰাৰ উদ্দেশ্যে, সৰসভাৱে কলে,
"আজি আমাৰ বিষয় হিন্দী কবিতা কিন্তু আজি আমি কোনো কিতাপৰ কবিতা নপঢ়ো আজিলৈকে তোমালোকে হিন্দীত বহুতো কবিতা পঢ়িলা।
আজি শ্ৰেণীত হিন্দী কবিতা লিখাৰ প্ৰতিযোগিতা হব। তোমালোকে এটা নিজাকৈ কবিতা লিখা আৰু যাৰ কবিতা সকলোতকৈ ভাল হব, তাক মোৰ এই "উইং চাং" (এসময়ৰ চাইনা নিৰ্মিত "ফাউন্টেইন পেন", সকলোৰে বাবে এক হেঁপাহৰ কলম আছিল) কলমটো পুৰস্কাৰ হিচাপে দিম। ২০ মিনিট সময়ৰ ভিতৰত লিখি মোৰ ওচৰত বহীবোৰ জমা দিব লাগিব।"
এইবুলি কৈ চাৰে সময় আৰম্ভ হোৱাৰ ইংগিত দি পৰিবেশটো পাতলাই চকীত বহি ললে।
ছাত্ৰ-ছাত্ৰীসকলেও আগদিনা খনৰ ঘটনাৰ বিষয়ে পাহৰি, আনন্দমনেৰে কবিতা লিখাত লাগি 'ল। বিশ মিনিট উকলি যোৱাৰ পিছত, সকলোৱে লিখা কবিতাবোৰ চাৰৰ ওচৰত জমা দিলে ফলাফল ঘোষণাৰ বাবে আগ্ৰহেৰে ৰৈ থাকিল।
পুংখানুপুংখ ভাবে সকলোৰে কবিতাবোৰ পঢ়ি উঠাৰ পিছত, চাৰে কাক প্ৰথম বিজেতা বুলি ঘোষণা কৰিলে জানেনে ? নগেনক
চাৰে নিজে উঠি আহি নগেনক কলমটো পুৰস্কাৰ হিচাপে দিলে আৰু সকলোৱে হাতচাপৰি বজাই নগেনক অভিনন্দন জনালে।
এতিয়া সকলোৰে মনলৈ নিশ্চয় প্ৰশ্ন এটা আহিছে যে, নগেনে কিনো লিখিছিল ?
নগেনে লিখা কবিতাটো আছিল,
"ক্যা লিখু, ক্যইছে লিখু,
ক্যা লিখু, ক্যইছে লিখু।
লিখনে মে আতা হ্যাই লাজ
ক্যা লিখু, ক্যইছে লিখু,
লিখনে মে আতা হ্যাই লাজ,
জিছকে লিয়ে
মাৰ খায়া থা কাল;
ৱহ চীজ ফিৰচে
নিক্ লা হ্যাই আজ।"


সঞ্জীৱ প্ৰসাদ মজুমদাৰ
বি-, চান্ চাইন ৰেচিডেন্সীচুৰাট, গুজৰাটপিন-৩৯৪৫১৪

No comments:

Post a Comment