বেটুপাত

বেটুপাত

Sunday, 24 September 2017

ভালপোৱা


তৰাই নকয় আকাশক ভালপাওঁ বুলি, সেয়ে আকাশৰ বুকু ফটা ঢেৰেকণি;  
সাগৰক ভালপাওঁ বুলি নদীয়েও নকয়,সেয়ে সাগৰৰ বুকু ইমান ঢৌময়।।
বুজাচোন আকুলতা, চোৱাচোন ব্যাকুলতা,
নীৰৱতাৰ কুঁৱলী ফালি, 'দৰ খিৰিকী খুলি
কোৱাচোন ভালপাওঁ বুলি.......... এবাৰ তুমি।
তুমি ভালপাওঁ বুলি 'লে,মোৰ বুকুত প্ৰাপ্তিৰ হেজাৰ ফুল ফুলিব,
হেপাঁহৰ নদীত সপোনে ঢৌ খেলিব,অশান্ত মোৰ হৃদয়ে বিচাৰি পাব মৰমৰ ঠিকনা,
বিষাদ গধুৰ চেচা অনুভৱবোৰ আতৰি উলাহেৰে ভৰিব হিয়া.......।।
ভালপোৱাত বাঢ়ে প্ৰশান্তিৰ উশাহ,
ভালপোৱাত জাগে জীৱন উছাহ।।

ইন্দ্ৰানী কলিতাতেজপুৰ 



No comments:

Post a Comment