বেটুপাত

বেটুপাত

Sunday, 24 September 2017

তমসাৰ নিদ্ৰাবিহীন নিশাবোৰ

তমসাৰ মাজত কেতিয়াবা নিজক বিচাৰি
নিদ্ৰাবিহীন নিশা পাৰ কৰোঁ মই..
ওৰে ৰাতি বিৰহত অতিষ্ঠ সপোনবোৰৰ সৈতে
অপ্ৰাপ্তিৰ পোহাৰ মেলোঁ..
এটা এটাকৈ ৰাগ, সমীৰন আদিবোৰক দুচকুত ঠাই দিওঁ
তথাপি নিজক বিচাৰি নাপাওঁ..
গভীৰ নিশা ক্ৰমাৎ উন্মাদ হৈ উঠো মই..
সেমেকা পাতত ভৰ দি
মাজনিশা চহৰৰ অলিয়ে গলিয়ে বিচাৰি ফুৰোঁ
নিজৰেই অস্তিত্ব..
তাৰপিছত ৰৌদ্ৰোজ্জ্বল পুৱাৰ অপেক্ষাত শুই পৰো
ফুটপাথৰ কোনোবা এচুকত;
এই ৰাতিবোৰৰ শেষত আকৌ সপোন দেখো ৰাতিটোৰ
আৰু তাৰ নাম থওঁ 'অপ্ৰাপ্তি'

অৰ্চনা জি. শইকীয়াক্ৰেচেন্ট একাডেমী

যোৰহাট

No comments:

Post a Comment