বেটুপাত

বেটুপাত

Sunday, 24 September 2017

এন্ধাৰত মৃত্যু পোহৰৰ স্বপ্ন


আজি মোৰ স্থিতি ধৰা পৰিল
মাতৃ গৰ্ভত
সচাই কি যে সীমাহীন আনন্দ মোৰ
কেইমাহ মান পিছত
পৃথিৱীৰ মুক্ত আকাশৰ তলত
বিচৰণ কৰিম মই

মা...
তুমিও আজি বৰ সুখী
উথলি উঠিছে বুকু
মোৰ উপস্থিতিয়ে আনন্দত
আত্মহাৰা কৰিছে তোমাক
বাৰে বাৰে মোৰ বাবে 
আশীষ বিচাৰিছা নেদেখা জনৰ
মইও সুখী তোমাৰ আনন্দত

এয়া কি মা......
দেউতা,আইতাই কৈছে কি
তোমাক কিয় লাঞ্ছিত কৰিছে
ইমান খং কিয় তেওঁলোকৰ

মা মা তুমি নোহোৱা কুলক্ষণীয়া
তুমি সুলক্ষণী, জন্মদাত্ৰী
সৃজনশীলতাৰ উদাহৰণ তুমি

আহ
এয়া কি শুনিছো মা
দেউতা,আইতাই কৈছে কি
ধ্বংস কৰি পেলাব মোক ?
কিয় মই ছোৱালী বাবে ?
মই যে ধৰালে আহিব বিচাৰো
দেউতাক কোৱা না মা
মোৰ দোষ কত....?

মা....
সহিছা কিয় ইমান তুমি
মানসিক,শাৰীৰিক নিৰ্যাতন
মোৰ বাবে....
তুমি নাকান্দিবা মা
নোৱাৰো সহিব তোমাৰ দুখ....

খং উঠিছে আজি মোৰ
সেই ডক্টৰ জনলৈ
জানিও অপৰাধ বুলি
সামান্য ধনৰ লোভত লোভী
কৰিলে কিদৰে লিংগ নিৰ্ণয়

মা ,
নোৱাৰো আৰু সহিব দুখ তোমাৰ
হৃদয় তোমাৰ কঠিন কৰা
মোক আঁতৰাই পঠোৱা       
মই যে বিচাৰো তোমাৰ শান্তি....

মা,
ধন্য মই গৰ্ভত তোমাৰ থিতাপি মোৰ
মোৰ বাবে যুঁজিলা বহুত
এতিয়া মোক দিয়া বিদায় 
নহলে জীৱন সংকট তোমাৰ
মাথো হৃদয়ৰে এবাৰ লোৱা আঁকোৱালি 

চিৰ বিদায় বেলাত.......!!!

                

কল্যাণ দত্ত


No comments:

Post a Comment