বেটুপাত

বেটুপাত

Sunday, 24 September 2017

যন্ত্ৰণা‬

ৰিক্ত হৃদয়ে আজি
বৰকৈ উচুপিছে,
দুচকুৰ নীৰ পাৰ ভঙাবানৰ দৰে বাগৰিছে
হৃদয়ত বাজিছে
কৰুণ বিননিৰ নিদাৰুণ    ঝংকাৰ,
মৰা সুঁতিৰ দৰেমই জীয়াই আছো,,
ঠেলি ঠেলি পাৰ কৰিছোপ্ৰতিটো পল অনুপল 
চকুপানী টুকি টুকিওসংগ্ৰাম কৰিছো জীৱনৰ সতে়.....
কাঁইটীয়া বাস্তৱৰ খোচ খাইয়োখোজ দিছো আগলৈ,
হাৰ মানিছো
জীৱনৰ ওচৰত
পলায়ন কৰিব বিচাৰিছোদুৰ দিগন্তলৈ,
পৰা নাই..
মই আঁতৰিব পৰা নাই
জীৱনৰ মায়াৰ কটকটীয়া বান্ধোনেৰেমোৰ হাত ভৰি বন্ধামই পৰা নাই ,,,
আঁতৰি যাব পৰা নাই...!!!
 
চাইকী ফুকনযোৰহাট

No comments:

Post a Comment