বেটুপাত

বেটুপাত

Sunday, 24 September 2017

শুভ্ৰ বৰফত তেজলগা কবিতা

কি আছে সৈনিকৰ দেহত 
তেজত
বোধহয় 
ত্যাগ 
জাতীয় চেতনা
নিঃস্বাৰ্থ দেশপ্ৰেম

বুকুত বিশ্বাসৰ ধমনী 
দিন ৰাতি একাকাৰ কৰি 
আইৰ সেৱাত ব্ৰতী


'লা পতাকাৰ প্লাৱন কিম্বা
ইতিহাসৰ তেজলগা পংকিলময় বাট 
সাহসেৰে নেওচি 
প্ৰতিকূল পথেৰে অবিচল মতৰ দৃঢ় পথিক সৈনিক সকল 
আইমাতৃৰ হকে নিজক জলাঞ্জলি দিবলৈ তিলমানো কেৰেপ নকৰা 
একো একোজন দেশহিতৈষী  

সিহঁতৰ বাবেই শ্মশানৰ সিপাৰে
উদ্যমেৰে ঠন ধৰি উঠে 
ৰঙচঙীয়া গোলাপৰ বাগিছা
নিখুঁত কৈ লিখিবলৈ 
তিলমানো কুন্ঠাবোধ নকৰে তেওঁলোকে 

শুভ্ৰ বৰফৰ বুকুত তেজলগা কবিতা  ।। 



 মিলন শইকীয়া , নগাঁও 
 ৯৮৫৪১০২৪৩৩  

No comments:

Post a Comment