বেটুপাত

বেটুপাত

Sunday, 24 September 2017

বেশ্যা

বৰষুণতো নিতিতা'দতো নুশুকোৱা হৃদয়
চুৰিৰে খুচিও আঘাত কৰিব নোৱাৰাতাইৰ কলিজাৰ নঙলা গছকি
ভিৰ কৰে গ্ৰাহককমিচনৰ হিচাপত
তাইৰ স্তনত বহে দাঁতৰ দাগবিষে কোঙা কৰা
নিস্তেজ প্ৰাণত উচুপনিৰ ঢৌ


নিয়তিৰ কোৱাল সোঁতত থানবান সপোনঅনুভৱৰ পৰিবৃত্তত
দোদল্যমান ছাঁ- পোহৰৰ অদৃশ্য নৃত্যআৱেগ গোট মাৰি শিল হয়এক নিৰ্ঘাট সত্য
এনেকৈয়ে দিন আহে দিন যায়গাভৰু নিশাটিত অনুভূতিহীন জীৱন্ত কংকালৰচেপি চেপি কেঁচা মঙহৰ আস্বাদ টকালিগ্ৰাহকবোৰো আহে আৰু যায়
সূৰুযৰ সাতৰঙী কিৰণেও পোহৰাব নোৱাৰাতাইৰ জীৱনচকুলোৰ মদিৰাৰে পৰিপূৰ্ণ চপচপীয়া পিয়লানতু এটা শূন্য গিলাচ
 

জোনাক নীলিম



No comments:

Post a Comment