বেটুপাত

বেটুপাত

Sunday, 24 September 2017

ডায়েৰীৰ সেই ভঙা পাতখিলা


আজি বহুদিনৰ পিছততোমাৰ 'নকলটো পালো স্মৃতিৰ গহ্বৰত ইমানদিনে আছিলা লুকাভাকু খেলি মোৰ জীৱন সংগ্ৰামৰ ডায়েৰীৰধূসৰ পৃষ্ঠাৰ এটি কোণত ;
আজিও অক্ষত অৱস্থাতে আছে,
তোমাৰ নামৰ তি-নি-টি আখৰ -কুঁহিপাত মেলিলেও ;
বিৰিখৰ জানো নাম সলনি হয় ?
মোৰ বাবে
তোমাৰ নামটি অচিনাকী নাছিল ;
মাথো অচিনাকী হৈ পৰিছিলকেইটিমান ক্ষণৰ বাবে, বছৰৰ বাবে বিস্মৃতিৰ সাগৰৰ কোবাল ঢৌতউটি-ভাহি যাবলৈ নিদিলো তোমাক,
ৰাখিছিলো সযতনে প্ৰতিটো আভাৰ ৰহণ সানি উভতি অহাৰে অপেক্ষাত তুমি সেই আগৰ দৰেই আছানে ?
নে নগৰ পৰিবেষ্টিত পৰিবৰ্তিত পৰিবেশৰ সমভাগী যাত্ৰী 'লা ?
পৰিবৰ্তন নিশ্চয় কাম্য তোমাৰ ,
মনত পৰেনে তোমাৰ'ৰালিৰ সেই স্মৃতি বিজড়িত দিনবোৰ ?
ব্যস্ততাৰ নগৰীত অভ্যস্ত হৈ
বোধহয় পাহৰিবলৈ প্ৰয়াস কৰিলা
স্মৃতিৰ ভঙা পাতখিলাৰ কাহিনী আজি মই বিচলিত হোৱা নাইকিন্তু সহজো দেখোন হবকে নোৱাৰিলো সেই মলয়াজাকে মোক কৈআমনি নকৰালৈকে দেখোন শামে নাকাটিল অন্তৰভেদা উষ্ণ ধুমুহাজাকতমই কঠমপি ৰক্ষা পৰিলো সময়ৰ সোতঁত লুইতখনেই সাক্ষী হৈসকলো মাথো আজি অতীত হৈ পৰিল সেই অতীতে আজি পাৰিব জানোঅদূৰ ভবিষ্যত গঢ়িব


           

ধৰ্মজিত বড়াকলিয়াবৰ মহাবিদ্যালয়৮৭২৪৯৬৬৪১৬ 

No comments:

Post a Comment