১/স্বাধীনতা........
জীয়াই
থাকিব পৰাকৈ আমাক এখন আকাশ
লাগে
য'ত বোমা বাৰুদৰ
শব্দ নাই
য'ত মানুহ নিৰ্ভয়ে
থাকিব পাৰে
য'ত বাহৰ চৰাই
বাহলৈ ঘূৰি আহিব পাৰে
২/স্বাধীনতা.....
য'ত হিংসা বিদ্বেষ
ভেদাভেদৰ প্ৰাচীৰ নাই
মানুহে
মানুহক ভাল পাব পাৰে
মানুহে
মানুহ গঢ়িব পাৰে
৩/স্বাধীনতা.....
বানত
সৰ্বহাৰা হোৱা মোৰ গাঁৱৰ
খেতি মাটিডৰাত
সৰিয়হ
ফুলবোৰ আকৌ ফুলিব
সোণালী
ধানবোৰ মুঠি মুঠি পকিব
৪/স্বাধীনতা.....
দৰিদ্ৰ
আৰু অনাথ পেট কঙাল
হৈ থকা শিশুবোৰৰ মুখত
এমুঠি ভাত
ধৰণী
ধুনীয়াকৈ এটি প্ৰাণখোলা হাঁহি
....।
ভৃগু কুমাৰ হাজৰিকা
তিনিচুকিয়া
মবাইল-৮৮৯৩৯-৯৪৯৫৩৯
No comments:
Post a Comment