বেটুপাত

বেটুপাত

Sunday, 24 September 2017

মুক্তি

সদায় দুপৰীয়া ভাত সাঁজ খায়েই শেতেলীত পৰাটো ৰহিমলাৰ বহুদিনৰ অভ্যাস। আজিও শুৱলৈ গৈ দেহাটো পেলাইছিল হে মাথোন। গৰু এজনীৰ হেম্বেলনিয়ে তাইৰ টোপনিৰ ভাৱটো নোহোৱা কৰি দিলে। 
মুৰটোত জমাহোৱা খঙ চাটি গৰু জনীৰ ওপৰতে উজাৰো বুলি আহি তাই দেখিলে গিৰীয়েক মনেশ্বৰে কাৰোৱাৰ গৰু এজনী আনি চোতালৰ গুলঞ্চ জোপাত বান্ধি থৈছে। 

গিৰীয়েকে তাইৰ ফালে চাই  খঙেৰে 'লে" এইবোৰৰ পৰা আৰু শান্তি নাই  পুলগুৰিৰ সজাঁল ধৰা  গোটেই ধান খায় আদায় কৰিলে। গিৰিহঁতে নগদ টকা নিদিয়ালৈকে মোকলাই নিদিও।"
মনেশ্বৰ গা ধুৱলৈ যোৱাৰ পাছত ৰহিমলাই গৰুজনীৰ ফালে চাই দেখিলে গৰুজনী গাভিনী।আৰু দুই এদিনতে জগিৱ চাগে। তাইৰ অৱস্হাটো দেখি ৰহিমলাৰ নিজৰ প্ৰথম প্ৰসৱ বেদনাৰ কথা মনত পৰি 'ল। সজল চকুহালিৰে তাইৰ ফালে চাই থকা গৰু জনী ৰচীডাল কেতিয়ানো তাই খুলি দিলে গমেই নাপালে।

কৌশিক ৰঞ্জন  বৰা
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়

No comments:

Post a Comment