তুমি গুচি যোৱাৰ পাছৰ পৰাই কবিতা লিখা আৰু হোৱা নাই
বুকুৰ দুয়োকাষতে অসংখ্য শব্দৰ কোলাহলত মোৰ
নিশ্বাস বন্ধ হৈ আহে !
মনত পৰিলে তোমাৰ কথা কবিতা লিখাৰ ইচ্ছা হয় ঠিকেই
কিন্তু তুমি গুচি যোৱাৰ পাছত আৰু কবিতা লিখা হোৱা নাই ।
সিদিনা আকস্মাতে বাটত তোমাৰ দৰে কাৰোবাক দেখিলো
তেওঁক গৈ আগভেটি ধৰিলো
কিন্তু কেনেবাকৈ যেন নিমিষতে
দুচকু কুৱলীয়ে আবৰি ধৰিলে ;
চৌদিশত মাথোঁ ধূলি আৰু ধূলিৰ ধুমুহা
তাৰ পাছত মই বাস্তৱ চহৰত !
এই চহৰ বৰ অকলশৰীয়া আৰু নি:সংগ
পখিৰ কোকিল কণ্ঠি মাত শুনা নাযায় ।
প্ৰতিনিয়তে তোমাৰ সেই প্ৰাণৰ প্ৰিয় ভূপেন্দ্ৰসংগীত কাণত স্পৰ্শ কৰি উভতি যায় ।
অস্থিৰ মন লৈ অট্টালিকাৰ চাঁদত সেইজীয়াৰ প্ৰাণ ধাৰ কৰি কবিতা লিখিব বহোঁ !
কিন্তু তুমি গুচি যোৱাৰ পাছৰ পৰাই আৰু এটাও কবিতা লিখা হোৱা নাই ;
এইবোৰ কথা শুনি তোমাৰ আজৱ লাগিব পাৰে ।
ওঁঠৰ মাজত অটহাস্য লৈ তুমি ভাবিব পাৰা
এইবোৰ মাথোঁ অভিনয় বা ধেমালি !
বৰঞ্চ কি জানা… তুমি অবিহনে এই প্ৰকৃতিৰ নৈ খাল বিল আকাশ বতাহ মেঘ বৰষুণ জোন তৰা বেলি
সকলো যেন আৰ্ট পেপাৰত অংকন কৰা কিছুমান ছবি ;
তুমি নাই সেই বাৱেই তো এনে লাগে যেন পৃথিৱীখন
অন্তৰিক্ষত উপঙা কোনো এক স্যাটেলাইট ;
প্ৰাণ আছে তথাপিওঁ প্ৰাণ নাই ।
আকাশখনতো আৰু কোনো জোনৰ হাঁহি বিচাৰি নাপাও
যাক দেখিলে অজানিতে কবিতা লিখা হৈছিল মই আজিও সেই আকাশৰ ফালে চাই থাকো ;
মেঘে আৱৰা আকাশত বিদ্যুতৰ পোহৰ বিলাই ফুৰা
কলা জোনৰ অস্তিত্ব বুজা নাযায় !
তুমি গুচি যোৱাৰ পাছত আৰু কবিতা লিখা হোৱা নাই
হৃদয় যদিও এতিয়াও স্পন্দিত হয় ; ৰাতি সপোনো দেখো ;
কিন্তু তুমি গুচি যোৱাৰ পাছত
আৰু কাৰোবাৰ লগত ভালপোৱা হোৱা নাই ।
ৰবি আলী সেখ
কোকৰাঝাৰ
No comments:
Post a Comment