বেটুপাত

বেটুপাত

Sunday, 24 September 2017

দিচপুৰৰ ৰাজআলিত বিনিতো মুছোলিনী

সৰ্বহাৰা হৈ তেওঁ দিচপুৰৰ অলিয়ে-গলিয়েউদ্দেশ্যহীন ভাৱে ঘূৰি ফুৰিছে। 
পিন্ধনত-- ঢিলা পটলুন মলিয়ন শ্বাৰ্টফাৰৰ টুপি ফাটি যোৱা বে-ৰঙী জোতা। 
নিৰ্জল তেওঁৰ দুওঁঠনিৰপৰাধী চকুৰ চাৱনিৰুক্ষতাত মেটমৰা দুগালধূলিয়ৰি  উচ্ছৃংখল জোপোহা চুলিঅপৰিষ্কাৰ অলস তেওঁৰ দুহাতৰ আঙুলিনিৰ্বল দুবাহুকাষলতিৰ পৰা নিৰ্গত অকতা গোন্ধ
 হায়ৰে, কেনে কুৎচিত কদৰ্যময় মুছোলিনী। 
 লাষ্ট গেইটত ৰৈ তেওঁলৈ চাই  লক্ষ্য কৰিলোঁ--
ভিৰৰ মাজত সেই হতভগীয়া যেন অকলশৰীয়া,
হাতত লৈ ফুৰিছে ডান্টেৰ 'ডিভাইন কমেডি'
 
তেওঁ কেলৈ আহিল দিচপুৰলৈ ?
  বুকুত নতুন অসম গঢ়াৰ স্বপ্ন লৈ তেওঁনিৰুদ্বিগ্ন ভাৱে ঘূৰি ফুৰিছে ?
  নে ভাৰতীয় নাৰীৰ নিয়মিত সহবাসৰ
  বাসনাত টহল দি ফুৰিছে ?
  ৰুগ্ন এই অসমী আইৰ বুকুত তেওঁ  উৎকন্ঠিত হৈ পৰিছে কিয় ?
  তেওঁ কেলৈ আহিছে ঘূণে ধৰা  জৰাজীৰ্ণ সমাজখনলৈ ?
 হঠাৎ এচেমব্লিৰ সন্মুখত মুছোলিনী হতাশবিষণ্ণ অৱশ হৈ পৰিল……
 
 দিচপুৰত তেওঁ দেখিলে--
 বৰ বৰ মানুহৰ বৰ্বৰতা,
 দেখিলে নেতা পালিনেতাৰ ফৈৰামী,
 অধপতিত শিক্ষাক লৈ ৰাজনীতিকৰ ৰাজনীতি,
 তেওঁ ভণ্ডামি দেখিলে জাতিয়তাবাদী কাণ্ডাৰীৰ,
 দগাবাজ আততায়ীয়ে মন্ত্ৰীৰ দুৱাৰত মৰা টক্ টকনি,
 ভচহু দেশহিতৈষীৰ গঁড় হত্যাৰ ব্লুপ্ৰিন্ট,
 দেখিলে কেলেংকাৰী দালালৰ উপদ্ৰৱ আতংক,
 ডাক্তৰৰ কৌশলী ডকাইতি,
 দেখিলে খবৰ দিওঁতাই জোলোঙাত ভৰোৱা টি.আৰ.পি,
 তেওঁ নিৰীক্ষণ কৰিলে 'লা বজাৰ দেখিলে মুদ্ৰাস্ফীতি,
 দেখিলে তথাকথিত কবিবোৰৰ গোলামি,
 ধৰ্ষিতা নাৰীৰ আৰ্তনাদিত চিৎকাৰ শুনিতেওঁ উচপ খাই উঠিল দীঘলী পুখুৰীত,
 পথ উপপথত তেওঁ দেখিলে অৰাজকতাদেখিলে বুভুক্ষাই জন্ম দিয়া ৰেড লাইট এৰিয়া,
 মন্দিৰ মহজিদৰ চৌহদত দেখিলে ধৰ্মৰ ব্যৱসায়-ধৰ্মগ্লানী,
 তেওঁ উলংগ ৰূপত দেখিলে ছানি লিয়নীৰ যোনী,
 দেখিলে ক্লাৱত "ষ্ট্ৰিপাৰ ডান্সাৰ" উত্তাল নাচ,
 তেওঁ অবাক হৈ পৰিল মাছখোৱাত
পৰাগ দাৰ আত্মাই ককবকাই থকা দেখি,
 তেওঁ লুটিয়াই চালে শংকৰদেৱক,
 চালে বীৰ লাচিত বৰফুকনকো,
 মণিৰাম দেৱানকো বীৰাংগনা কনকলতাকো,
 তেওঁ জনতা ভৱনৰ সন্মুখত পঢ়ি শেষ কৰিলে---
 "আলফা সেউজীয়া সপোন তেজৰঙী ইতিহাস"
 
ইমানৰ পিছত তেওঁ ইতিকিং কৰিলে অসমীয়াক।ইখন শংকৰে গঢ়া অসম 'বই নোৱাৰে।'বই নোৱাৰে ইখন লাচিতৰ অসম। গোটেই অসম ঘূৰি তেওঁ হৈ পৰিল  আৱেগ বিহ্বল……
 
 সোণালী চকীবোৰত মানৱতা অৱলুপ্ত বুলিতেওঁ অনুমান কৰিলে।  বৰ বৰ মানুহেই অসমক পংগু কৰা বুলি তেওঁ ধাৰণা কৰিলে।  গণতন্ত্ৰৰ মেৰপেচত অসমখন ভগ্নপ্ৰায় বুলিতেওঁ অভিহিত কৰিলে। 
নিজকে লি জুন ফেন বুলি ভবা নেতা জনে জনতাক পাঠ দি ' বিদ্ৰোহ আৰু প্ৰতিবাদৰ। গণতন্ত্ৰৰ বিপক্ষে শান্তকামি শীতল যুদ্ধৰ আহ্বান তেওঁই জনগণক কৰি '……
 


ৰাজ কুমাৰ তামুলী ৯৭০৬৬৩৫৭৭৬

No comments:

Post a Comment