বেটুপাত

বেটুপাত

Sunday, 24 September 2017

শৰৎ

উকা চোতালত শুভ্ৰ দলিছা আঁকি সৌন্দৰ্যৰ আবিৰ প্ৰক্ষেপিত হয়,

বুকুৰ সাঁচতীয়া মিঠা অনুভূতিত সেন্দুৰৰ আঁক-বাকে দেহ জুবুৰিয়াই সন্ধ্যা ভঙা বেলিটিক আদৰে। কুঁৱলীৰ চাদৰেৰে বুকু জপতিয়াই শেৱালীৰ চুম্বন লভে,
মধুময় আৱেশৰ বাংময়তাৰ মাধুৰীমাত ঢপলিয়াই আহে এইদৰেই শ্যামলী শৰৎ। তলসৰা শেৱালীৰ পুস্পিতা মানেই শৰৎ,
প্ৰকৃতিৰ জৰায়ুত সৌন্দৰ্যৰ গৰ্ভধাৰণ মানেই শৰৎ,
'লা তেজ শুহি শান্তিৰ ফুলা মানেই শৰৎ,
দুৰ্গতি নাশিনী দুৰ্গা আইৰ পদাৰ্পণ মানেই শৰৎ। প্ৰতিটো পলত ৰাগিনীৰ কুঁহে ঝংকাৰ কৰি তুলে এইদৰে শৰতৰ শিতানত-
যা দেৱী সৰ্বভূতেষু শক্তি ৰূপেন সংস্হিতানমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমোঃ নমঃ।।
 ' শৰৎ তই কবিৰ বুকুৰ কুতুম,
তই কবিৰ চিৰ আপোন,
তোৰ কাম্যতাৰ ঔৰসত কবিৰ কাপৰ গৰ্ভত পাহি মেলে সৃষ্টিৰ কণকঠিয়া। ক্ৰমশ: শৰৎ,
তোৰ সৌন্দৰ্যৰ লেলিহান শিখাত জ্বলি জ্বলি দিকভ্ৰান্ত আজি স্নেহৰ লেলাউতি,
যি লেলাউতিৰ পঘাৰ বন্ধনত নিদ্ৰামগ্ন জগতৰ মনোৰম ৰাজ্য।  

অশ্বিনী ফুকন
তিতাবৰ,যোৰহাট
দুৰভাষ- ৯১২৬৫৬৬৬৯৪


No comments:

Post a Comment