বেটুপাত

বেটুপাত

Sunday, 24 September 2017

কেৱল এটি শেৱালী

প্ৰিয়তম...
কেঁচা তেজত এখন 
সুকীয়া সৌৰজগত ঘুৰিছে
আশা সপোন প্ৰেম বিৰক্তি
তিক্ততাৰে ভৰি আছে '
হাজাৰ হাজাৰ অনুভুতি।
বাঁহীৰ কৰুণতাই যেতিয়া
ৰজনীৰ ভিজা আঁচলৰ
দীঘ হ্ৰাস কৰে...
কল্পনাৰ তুলিকাৰে
মোক আঁকি 'বা তেতিয়া,
যেন মৰহিব লোৱা 
এটি অস্তগামী শেৱালী
মোক পলাশেৰে নুজুখিবা
ৰক্তকণাত মদাৰৰ ৰং নাপাবা।।
মই আজিও শেৱালী...
..উপজাৰ উৎসুল্লিত 
হাঁহিটিৰ মাজেদি
মৃত্যুৰ কুৎসিত দশালৈ,
যদিও মাটিত লুতুৰি-পুতুৰি ..
মই কেৱল এটি শেৱালী...
একমাত্ৰ নাম-শেৱালী!!


পিকি পাৰবীন  
পুঠিমাৰী মহাবিদ্যালয়, সোণেশ্বৰ

জিলা:  কামৰূপ(গ্ৰাম্য), অসম

No comments:

Post a Comment