বেটুপাত

বেটুপাত

Sunday, 24 September 2017

সুবিধাবাদী


                                 (এক)
জালুকবাৰী বাছস্থানত নীলভক দেখি-
নীলভ তই আচলতে গুৱাহাটীত কি কৰা? মানে কাম বোৰ কেনেকুৱা?
-মানুহৰ মনৰ ডিজাইন কৰো। মানে ৰুমতে বহি এখন লেপটপ লৈ কিবা-কিবি লিখি থাকো,এতিয়া ভূতনাথতে আছো, আহিবা কেতিয়াবা।
-কাম-কাজৰ ভিৰ কেনেকুৱামানে পাঠকে তোমাৰ ডিজাইনবোৰ পছন্দ কৰে নে ? বিৰক্তিকৰ কেলকুলেছন বিলাক নহয় জানো? এই ধৰা তোমাৰ উপন্যাসত কিবা এটা কম অনুভৱ কৰে নেকি?কেনেকৈ লাগি থাকিব পাৰ হা বুজি নাপাও?
-নহলে যে উপায় নাই, এই বিৰক্তিকৰ কাম বিলাকেই টো জীৱিকা এতিয়া। বাকী তোমাৰ খবৰ কোৱাছোন, চাকৰি কৰি কেনেকুৱা লাগিছে? আজিকালি মৰিগাওঁত নহয়।   
-ভাল, ভাল! মানে ঠিকেই আছে।
                                (দুই)
অনুভবে ফোন কৰিছিল নীলভক। হঠাৎ বহুত দিনৰ পিছত তাৰ ফোন পাই মনটো ভাল লাগি নীলভৰ। কলেজত সি অনুভবৰ সিমান ঘনিষ্ঠ নাছিল। অভিজাত্যৰ গৌৰৱেৰে গৌৰাৱাম্বিত অনুভবৰ বাবে নীলভ সিমান লেখৰ বন্ধু নাছিল। গতিকে আজি সি ফোনত তাক তই সম্বোধন কৰিলেও সি কিন্তু তুমি সম্বোধনেৰেই কথা পাতিলে। কিন্তু আজি হঠাৎ অনুভবৰ ফোন নীলভৰ বাবে এক  অৰ্থত অপ্রত্যাশিত। কিয় জানো অজানিতে গুন গুন কৈ ভাল লগা গানৰ কলি এটা তাৰ মুখৰ পৰা ওলাই আহিল।
এইকেইদিন সি ভীষণ ব্যস্ত। এক কথাত মৰিবলৈও সময় নাই। নতুন উপন্যাসৰ কাম এটাত তেওঁ অতি ব্যস্ত হৈ পৰিছে ।পূজাৰ আগে আগে কিতাপখন প্ৰকাশ কৰাৰ বহুত মন তাৰ তিনি দিন আগতে পানবজাৰৰ পৰা কিতাপৰ নক্সাখিনি মেইল কৰি তালৈ পঠিয়াইছে।
    লেপটপৰ পৰ্দাত জিলিকি আছে সপোনৰ উপন্যাসৰ বেটুপাতখন, সন্মুখ দৃশ্যটোত আকৌ এবাৰ চকু ফুৰালে সি। দেখাত অতি মনোমোহা হৈছে।  কালি সি ফোনযোগে প্ৰকাশনৰ সৈতে কেবাবাৰো আলোচনা কৰিছে এই কথাটোক লৈয়ে সন্মুখ দৃশ্যটোত প্রভাৱ পেলাব পৰা কোনোধৰণৰ সালসলনি কৰিবলৈ তেওঁ ইচ্ছুক নহয়। বহুত কষ্ট কৰি তেওঁ বেটুপাতখন তৈয়াৰ কৰিছে।  তেওঁৰ পূৰ্বৰ সাতটা উপন্যাসইতিমধ্যে বিভিন্ন নামজলা আলোচনীত প্ৰকাশ পাইছে
                         ( তিনি)
-হেই নীলভ ! কি কৰি আছাহে?
অনুভৱৰ ফোন আজিও আহিল। আজি দুদিন মানৰ পৰা অনুভৱৰ ফোন তালৈ সঘনাই অহা হৈছে। সি সেইটো সিমান গুৰুত্বপূৰ্ণ বুলি ভবা নাই। তথাপিও কিবা এটা নিশ্চয় আছে।
- কোৱাচোন
- মোক এটা সহায় কৰি দিয়ানা।
- কি সহায়, মানে কেনেকুৱা সহায়, অলপ খুলি কোৱানা।
- মানে আমাৰ প্ৰকাশনৰ ফালৰ পৰা দূৰ্গাপূজাত কেইখনমান কিতাপ ওলাব     তুমি মাথো উপন্যাসখন আৰু বেটুপাতখন ডিজাইনটো তোমাৰ লেপটেপত পুনঃপৰীক্ষা কৰি সঠিক হৈছে বুলি  দিব লাগে আৰু আমি তোমাৰ কিতাপখন সুন্দৰকৈ প্ৰকাশ কৰি দিম ।টকা লৈ চিন্তা নাই তোমাক ৫০০কপি কিতাপ ছপা কৰি দিম আৰু   প্ৰফেছনেলী পে কৰিম বুজিছা।আৰু আচলতে আমাৰ মাৰ্কেটিং বহুত
কিন্তু আমাৰ মৰিগাওঁৰ মূখ্য বিভাগৰ কথাটো জানাই। শাৰদীয়ত কামবোৰ নকৰিলেই নহয়। নীতি নিয়মৰ ক্ষেত্রত অলপো শিঠিলতা নাই।
- ঠিক আছে তুমি মোৰ ভূতনাথৰ সৱিশেষ জনাই কোনোবা এজনক পঠাই দিবা। 
- কোনোবা এজন মানে?আমাৰ প্ৰকাশনৰ মালিক তথা অধ্যাপক এজনেই যাব। তুমি তেখেতৰ নাম শুনিছাই চাগে অধ্যাপক কলিতা আচলতে তেখেতেই বৰ্তমান।অসমীয়া সাহিত্যক ধৰি ৰাখিছে। তুমি নিজে কৰিব লগা একো নায়েই আৰু পানবজাৰৰ প্ৰকাশনৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব নালাগে   তুমি এটা কাম কৰিবা, তেখেতৰ হাতত কপিৰাইটৰ লেটাৰ,১৬০০০টকা আৰু কিতাপৰ ডিটিপিখন  আদি  দি পঠিয়াবা।
- ঠিক আছে।  
অনুভৱৰ মানসিকতা  আজি কালি অলপ সলনি হৈছে নেকি? নীলভক হিচাপৰ মানুহ বুলি ভবা হৈছে চাগে। তাতে আজি ফোনত তইৰ পৰা তুমিলৈ পৰিৱৰ্তন। হব পাৰে, সময় সলনি ল।বিএছচি সমাপ্ত হোৱাই আজি পাচ বছৰ ল। ইমান সময়, ধেমালি নহয়। পাচ বছৰত বহুত কিবা কিবি সলনি হয়।
তাৰ মনত পৰিল,কলেজত থাকোতে কেনেকৈ এবাৰ সি অনুভৱক সুবিধাবাদী বুলিয়েই খঙেৰে চোঁচা মাৰি গৈছিল।
কলেজত সিহঁত বন্ধুকেইটায় অনুভৱক লগত লবলৈ মুঠেই ইচ্ছা নাছিল। অতি কষ্টেৰে প্ৰজেক্টৰ কাম কৰা, তথ্য সংগ্রহ কৰা সিহঁতৰ তুলনাত কৌশিক আছিল পালমৰা স্বভাৱৰ। এদিন তাৰ প্ৰজেক্ট ডায়েৰীখন চুৰ কৰি অনুভৱে পিছ দিনা ছাৰৰ আগত প্ৰজেক্টৰ কামৰ খতিয়ান দিওতে তাৰ খঙে মূৰৰ চুলিৰ আগ পাইছিল। সেইদিনা বাকীদুজন নথকা হলে কথা হিতে বিপৰীত হেতেন।
আলোচনী প্ৰকাশনে এইবাৰ পূজাত নীলভক বাইক এখন  উপহাৰ দিয়াৰ কথা। কালি আলোচনীৰ পৰিয়ালেও তাক তেনে এটা ইংগিতেই দিছে। সি হে সুখী নহয়। তাক বাইক নালাগে।বাইক এখন ইতিমধ্যে আছেই। সেইখনৰেই চলি যায়। মিছামিছি এইবিলাক বিলাসী বাইক তাৰ পচন্দ নহয়। এনেয়েও তাৰ পচন্দবোৰ অন্যতকৈ অলপ বেলেগ। 
তাক আচলতে সৎ উপায়েৰে ঘটা নগদ পইছা লাগে। তাৰ বহুত সপোন আছে। গঠনমূলক কামেৰে সম্পূৰ্ণ পেছাদাৰীত্বৰে উপাৰ্জিত ধনেৰে গাঁৱৰ একমাত্র ককায়েকৰ ঘৰটো সুন্দৰকৈ, মজবুতকৈ সজোৱা, গাঁৱত এটা লাইব্রেৰী সজোৱা, সি পঢ়ি অহা স্কুলখন ধুনীয়াকৈ সজাই দিয়া অজস্র লানি নিছিগা সপোন। সপোনৰ শেষ নাই।
                           (চাৰি)
  অনুভৱে পঠাই দিয়া অধ্যাপক কলিতা মানুহজন এদিন আহি তাক সৱিশেষ জনাই লগ ধৰিলে। নীলভে সসন্মানেৰে অধ্যাপক কলিতাক অভ্যৰ্থনা জনালে। প্ৰকাশনৰ মালিক স্বাভাৱিকতেই দিব লগা সন্মান আৰু মৰ্য্যাদাখিনি দিয়াত সি অলপো কাৰ্পণ্য নকৰিলে। প্রাৰম্ভিক কথা-বতৰাৰ মাজে মাজে সি অনুভৱ কৰিলে অধ্যাপক কলিতা যেন ভিতৰি ভিতৰি কিছু অস্থিৰ। তেখেতৰ কথা-বতৰাৰ সুৰো অত্যন্ত সাধাৰণ মানদণ্ডৰ। অধ্যাপক এজনৰ যি ধৰণৰ বৌদ্ধিক,বহল চিন্তাধাৰাৰ আভাষ তেখেতৰ ব্যক্তিত্বত জিলিকি থাকিব লাগে অধ্যাপক কলিতাৰ মুখমণ্ডলত যেন সেয়া দুখলগাকৈ অনুপস্থিত। ৰবাত কিবা এক অস্বস্তিকৰ বৈসাদৃশ্য, আশ্বৰ্য্যকৰ বৈপৰীত্য। হব পাৰে! সকলো ব্যক্তি একে নহব পাৰে। কেৱল বাহ্যিক ভাবাৱেগক আশ্রয় কৰিয়েই অন্তিম সিদ্ধান্তত উপনীত হোৱাটো অনুচিত। আৰম্ভণীৰ পৰা শেষলৈকে সম্পূৰ্ণ উপন্যাসখন গভীৰ মনোযোগেৰে চাই উঠাৰ পিছত তাৰ চকুত ভালেমান ভুল ধৰা পৰিল। কোনো কোনো ঠাইত দুই এটা বানান ভুল, সি যথেষ্ট হতাশ ল। ভিতৰি ভিতৰি বিৰক্তি অনুভৱ কৰিলে।
-      “ছাৰ আজি ডিটিপিটো মোৰ ইয়াতে থৈ যাওক। মই এবাৰ নিৰলে মনোযোগেৰে অধ্যয়ন কৰি লব লাগিব সি বিনম্রভাবে অধ্যাপক কলিতাক অনুৰোধ কৰিলে।
-      নাই নাই,মই আজিয়েই মৰিগাওঁ লৈ উভতিব লাগিব। এইটো খুবেই আৰ্জেণ্ট। আপুনি দয়া কৰি সোনকালে টকাখিনি খিনি দি দিয়ক। মোৰ সময় বৰ কম প্লীজ।
-      আৰে, আপুনি কিয় এনেকুৱা কৰিছে? মিঃ অনুভৱতো আপোনাৰ বন্ধু।  চিন্তাৰ একো কাৰণ নাই। আপুনি টকাখিনি দি দিলে দুটা পইচা আপুনিও পাই আৰু মোৰো লাভ হয়।
নাই, নীলভক বতাহত ওপঙি অহা পইচা নালাগে। সি যিটো শুদ্ধ বুলি ভাবে সেইটোহে কৰে। অধ্যাপক কলিতাৰ আগত সি স্পষ্ট ভাবেই নিজৰ অপাৰগতা প্রকাশ কৰিলে। অধ্যাপক কলিতাৰ কথাৰ সুৰত শেষৰ ফালে এটা অনুনয়ৰ সুৰ বাজি উঠিল। সি তাৰ স্থিতিত দৃঢ় হৈয়েই থাকিল।অনুভৱে বেয়া পালেও উপায় নাই।
তাৰ নেৰানেপেৰা প্ৰচেষ্টাত অৱশেষত কলিতাক দিবলৈ বাধ্য ল।  অৱশেষত কলিতাৰ হাতত ডিটিপি আৰু টকাখিনি তুলি দিলে কলিতা গুছি গল
                                        (পাঁচ)
বাইকখনখন লাখটকীয়া উৰণীয়া সেতুৰ তলতে ৰখাই সি ফুটপাথেৰে পায়চাৰি কৰি আছে।লগতে থকা ভাইটি ৰাজে পানবজাৰত সোমাইছে। কিবা এটা কিনিব।
- এইটো কমল নহয়নে? পান দোকানীটোৰ কাষত বিমলমছলা পাগুলি পাগুলি মুখ ৰঙা কৰি আপোন মনে ৰৈ থকা সাধাৰণ চেহেৰাৰ প্রায় ডেৰকুৰি বছৰীয়া ডেকাজনক তাৰ চিনাকী চিনাকী যেন লাগিল। নীলভৰ একে গাঁৱৰে হয়। কমল! হয় সি ঠিক ধৰিছে।
- কমল।
- নীলভ দাদা। কি খবৰভাল আপোনাৰ। বহুত দিনৰ পিছত।
- ভাল ভাল। কছোন তোৰ খবৰ-বাতৰি। থাক আজিকালি?
- খানা, মানে যোৰাবাটৰ ওচৰৰ থকা কিতাপদোকানী এজনৰ তলতে কিবাকিবি কৰি থাকো। আজি মালিকে  লে পানবজাৰৰ পৰা এপাক ফুৰি আহিম। বাচ! আহি লো।
- তই তেতিয়াহলে তোৰ মালিকৰ লগতহে আহিছা
- হয় হয়। দাদা সৌ লা ৰঙৰ গাড়ী খনৰ কাষত  মানুহজন দেখিছে, হাতত যে, ছিগাৰেট এটা লৈ আছে, তেওঁৱেই মোৰ মালিক
হাত খন ডাঙি কমলে দূৰৈৰ মানুহজনলৈ চাই আঙুলিৰে ইংগিত দিলে। নীলভ কমলৰ হাতৰ আঙুলিৰ দিশেৰে চাই পঠিয়ালে। পৰম বিস্ময়ত তাৰ দুচকু বহলকৈ মেল খাই আহিল। কমলে মালিক বুলি কোৱা মানুহজন দেখোন দুদিনমান আগতে তাক লগ ধৰিবলৈ অহা বন্ধু অনুভৱৰ সন্মানীয় অধ্যাপক কলিতা। কেনেকৈ হবঅধ্যাপক কলিতা মানে অধ্যাপক তথা প্ৰকাশনৰ মালিক নহয় নেকি? দূৰৈৰ পৰা কলিতাই নীলভক দেখি মুখ ঘুৰাই যেন লুকাবলৈহে যত্ন কৰিলে।
নীলভহঁত থিয় হৈ থকা ঠাইখিনিৰ ওচৰতে খাবলৈ নোপোৱা, ছাল-ছিগা ফপৰা কুকুৰ দুটামানে কিবা টোপোলা এটা টনা-আজোৰা কৰি আছে। ৰাজে এতিয়াও উভতি অহা নাই। কমলে দোকান খনৰ পৰা তামোল এখন আনি তাৰ হাতত গুজি দিলে।
-      বাৰু কমল ! কছোন এই কুকুৰবোৰৰ নেজবোৰ কেতিয়াবা চিধা হয়নে?
ইছ, দাদাইও যে কথা কয় আৰু! কুকুৰৰ নেজ কেনেকৈ চিধা হব? কেতিয়াবা দেখিছে জানো? কেতিয়াও নহয়। 
                        (ছয়)
নীলভে পলমকৈ হলেও গম পাইছিল যে অনুভৱ আৰু কলিতা মানুহক ঠগায় খাই ফুৰে কোনো প্ৰকাশন নাই সিহতৰ ,অকল লেখকৰ টকাৰে কিতাপ ছপাই দিয়ে আৰু ৰাহি হোৱা টকাখিনি দুজনে ভাগ কৰি লয় এয়াই আমাৰ সমাজ ,কিছুমানে ভদ্ৰ মানুহৰ মুখা পিন্ধি বহুত বেয়া কামত লিপ্ত হয়

ৰাজশেখৰ

৭০০২১৯৪৩৯৪

No comments:

Post a Comment