বেটুপাত

বেটুপাত

Sunday, 24 September 2017

বিষন্ন আবেলিৰ বিলাপ


আবেলিটো আকৌ নামি আহিল লগতে বিষাদবোৰো ! ভাললগা সময়বোৰো এটা সময়ত বিৰক্তিকৰ হৈ পৰে। এই আবেলিটোৰ বাবেই কিছুদিন আগলৈকে হেঁপাহেৰে বাট চাই থাকিছিলো। জনা হোৱাৰে পৰা সেই সময়খিনি মই প্ৰায়ে অকলশৰে কটাই আহিছো। দিনটোৰ ব্যস্ততাৰ শেষত সেই সময়খিনি মোৰ একেবাৰে নিজৰ সময় আছিল। কেতিয়াবা গান শুনিছিলো , কেতিয়াবা নিৰৱে , অকলশৰে বহি থাকিছিলো। অথচ কেতিয়াও অকলশৰীয়া অনুভৱ কৰা নাছিলো। আজিকালি সেই একেটা আবেলিৰ একেই অকলশৰীয়া সময়বোৰে বিৰক্ত কৰে মোক। ভাল নালাগে হেঙুলীয়া বেলিটো।

" জান সপোন, তোৰ এই কথা নোকোৱা স্বভাৱটোৱে কেতিয়াবা তোক মানসিক ৰোগীত পৰিণত কৰিব। গৰুৱে ঘাঁহ পাগুলাৰ দৰে কিমান আৰু মনৰ মাজত পাগুলি থাকিবি কথাবোৰ। কিবা সমস্যা থাকিলে মোকতো ' পাৰ তই ! "

দিপৰ অভিমানভৰা কথাষাৰ শুনি হাঁহি উঠিছিল যদিও তাৰ খংটো উঠাই নলও বুলি ভাবিয়েই নাহাঁহিলো সুদীৰ্ঘ তিনিবছৰ একেলগে আছো আমি একেখন কলেজতে চাকৰি কৰো এজনে আনজনক বুজি পোৱা হৈছো মই একো নকলেও সি হয়তো উমান পাইছে মোৰ বুকুত বলি থকা ধুমুহাজাকৰ   কিন্তু কি বুলিনো কও তাক কথাবোৰ ! কিয়বা কও ! কাৰোবাক কৈ দিলেই নোহোৱা হৈ নাযায় বেয়া লগা সময়বোৰ স্মৃতি নাম লৈ আলফুলে ৰৈ যায় হৃদয়ত কিছুমান কথা কাকো ' পৰা নাযায় আৰু স্মৃতিবোৰ কেতিয়াও পাহৰা নাযায় !

" ' সপোন , আজি বাহিৰতে কিবা এটা খাই আহোগৈ। অলপ ফুৰাও ' বন্ধৰ দিন বুলি "
দিপৰ কথাত নিৰৱেই সন্মতি জনাই চাৰ্টটো পিন্ধি 'লো এনেও ভাল লগা নাছিল মনটো ওলাই 'লে কিজানি অলপ ভাল লাগেই বন্ধবাৰ বুলি 'লে বেলেগৰ দৰে মোৰ মনটো আনন্দৰে ওপচি নপৰে মই সাজু হও আকৌ কিছুমান বিৰক্তিকৰ অনুভৱৰ সৈতে মুখামুখি 'বলৈ নক'লেওঁ দিপে বুজি পায় কিছুমান কথা সেইবাবেই সি মোক প্ৰায়ে সেই অনুভৱবোৰৰ পৰা দূৰত ৰাখিব বিচাৰে কিন্তু পাৰি জানো সঁচাকৈ অনুভৱৰ পৰা পলাই ফুৰিব !

" হোটেল ব্ৰহ্মপুত্ৰ " চিনাকি টেবুল এখনৰ সন্মুখত দুয়ো বহি 'লো আহোতে আহোতে মেনেজাৰজনেও আমাক চিনি পোৱা হৈছেগৈ তেখেতৰ লগত দুই এষাৰ কথাও পাতো আৰু কিবা এটা খোৱা বস্তুৰ অৰ্ডাৰ দিও বুলি উঠি যাবলৈ লওতেই ফোনটো বাজি উঠিল অচিনাকী নাম্বাৰ কোনো আগ্ৰহ নথকাকৈয়ে ৰিচিভ কৰিলো হয়তো ৰং নাম্বাৰ ! বহুসময় ধৰি " হেল্ল' , হেল্ল' , সপোন হিয়েৰ " কৰি থকাৰ পাছতো কোনো সঁহাৰি নাপাই অলপ খঙেই উঠিল। তথাপিও ফোনতো লাইনতে ৰাখিলো অলপ সময়ৰ পাছত সিফালৰ পৰা ভাঁহি আহিল এক চিনাকি নাৰীকন্ঠ - " কেনে আছা সপোন ? "

আৰু এইফালে...এইফালে মই যেন কঁপি উঠিলোঁ বাস্তৱৰ পৰা যেন হেৰাই গৈছে মোৰ ভিতৰৰ মানুহটো কোনোবাই যেতিয়া কলিজাতো আজুৰি সোধে " কেনে আছা " বুলি দিব পাৰিনে উত্তৰ ? ' পাৰিনে কিবা 'থা ?? দিপে কিবা এটা বুজি পাইছিল মোৰ হাতখনত ধৰি মোৰ ফালে চাই আছিল মইহে যেন হেৰুৱাই পেলাইছো মোৰ সকলো শক্তি মোৰ অৱস্থা কি হৈছে বুজি পাইছিল হয়তু সেই নাৰীকন্থইও লাহে লাহে কিন্তু স্পষ্টভাৱে কোৱা কথাবোৰে সাত সাগৰৰ সিপাৰৰ পৰা আহি খুন্দা মাৰিছিল মোৰ কৰ্ণকুঁহৰত
                           
" মই জানো , ভুল কৰিলো মই হয়তো ক্ষমাহীন ভুল সেইবাবেই ক্ষমা কৰি দিবলৈ নকওঁ তোমাক  কিন্তু মই কি কৰিব পাৰিলোহেঁতেন কোৱা ? বৰ অসহায় হৈ পৰিছিলো মই বাৰে বাৰে চেষ্টা কৰিছিলো তোমাক যোগাযোগ কৰিবলৈ সৰু কথাতে অভিমান কৰি তুমি মোক একেবাৰে আঁতৰাই পঠালা তোমাৰ জীৱনৰ পৰা তুমিও হয়তু ভবা নাছিলা মই এনেদৰে এতিয়াই বিয়া হৈ আহিম বুলি মইও ভবা নাছিলো কিন্তু কি কৰিবা ! জীৱনৰ বেছিভাগ ঘটনাই অপ্ৰত্যাশিত আপোন মানুহবোৰৰ পৰা হঠাতে ইমান দূৰলৈ গুছি আহিব লাগিব বুলি সপোনতো ভবা নাছিলো এতিয়া এইখন দেশত আকাশৰ বাহিৰে মোৰ আপোন মানুহ আৰু কোনো নাই আকাশ ভাল মানুহ মোক যথেষ্ট মৰম কৰে তেওঁ লগত থাকিলে অলপো অকলশৰীয়া অনুভৱ নহয় কিন্তু এটা কথা কি জানানে সপোন ? তেওঁ নথকা সময়খিনিত মোৰ তেওঁলৈ মনত নপৰে মনত পৰে তোমালৈ সদায়ে ভাবো তোমালৈ ফোন কৰো বুলি , কিন্তু সাহস নহয় মোৰ ওপৰত থকা তোমাৰ অভিমানবোৰে ছাগে এতিয়া খঙৰ ৰূপ লৈছে ইমানদিনৰ পাছত কথা পাতিছো তোমাৰ লগত , অথচ মোক তুমি একোৱেই সোধা নাই ' দিয়া নালাগে সুধিব তোমাৰ পৰা এটা ফোন , এটা মেছেজ পোৱাৰ আশাৰে সেই তেতিয়া অপেক্ষা কৰি আছিলো ভাবিছিলো - হয়তো সময়ে সলনি কৰিলে তোমাক। মইহে সলনি ' পৰা নাছিলো ।সময়ে মোক সলনি কৰিব নোৱাৰিলে সেয়ে ছাগে আজিও পাহৰিব পৰা নাই তোমাক বিয়াৰ দিনা তুমি দিয়া মেইলতো মই ইয়ালৈ অহাৰ পাছতহে পাইছিলো সুধিছিলা তুমি - " তুমি এয়া কি কৰিলা ? মোক কিয় জীয়াই জীয়াই হত্যা কৰিলা ? মোৰ অভিমানবোৰ সঁচা বুলি ভাবি আঁতৰি 'লা কিয় ? কিয় ? কিয় ? " কিন্তু সঁচা কথাতো ' তুমিহে মোক অলপো বুজিয়েই নাপালা বহুত কান্দিছিলো সেইদিনা। তোমাৰ পৰা এই কথাষাৰ মই বহুদিন আগতে আশা কৰিছিলো আজি এনেদৰে তোমালৈ ফোন কৰি নিজকেই দোষী দোষী লাগিছে এতিয়া তোমাৰ খবৰ সুধিবলৈ মোৰ কোনো প্ৰয়োজন নাই   হয়তো অধিকাৰো নাই আজিৰ পৰা আমনি নকৰো তোমাক মই চেষ্টা কৰিম ইয়াতে এনেকৈয়ে সুখী 'বলৈ হয়তো দেৰী ' , কিন্তু পাৰিম কুশলে থাকা তুমিও   ইমানবোৰ কথা 'লো মই , তুমি একোৱেই নক'লা ভুলতো অকল মোৰেই নাছিল ! বাৰু বাদ দিয়া সেইবোৰ   আৰু কি ' ! ভাষাবোৰযে হেৰাই ' ৰাখো দিয়া "

ইমান সময় মনে মনে আছিলো কিন্তু এতিয়া বহু কথা সুধিবলৈ মন ' 'বলৈ মন ' - " মইয়ো পাহৰিব পৰা নাই তোমাক পাহৰিব পৰা নাই তোমাৰ লগত কটোৱা সময়বোৰ। পাহৰিব নোৱাৰিম হয়তু কেতিয়াও " কিন্তু কিবা লাভ ' জানো কৈ। ঘুৰাই পাম জানো আমাৰ হেৰাই যোৱা সপোনবোৰ ? দুৰ্বলতাবোৰে যদি আজীৱন সুখী হোৱাৰ পৰা বঞ্চিত কৰে তাইক ! তাতকৈ নতুন ঠাইত নতুন সপোনৰ সৈতে আকৌ আৰম্ভ কৰক তাই জীৱনটো তেনেকৈয়ে সুখী হওক তাই মনটো কঠোৰ কৰিলো তেতিয়াও ফোনটো লাইনতে আছিল তাই ছাগে সেইফালে বহুত আশাৰে ৰৈ আছে মোৰ পৰা কিবা এটা শুনাৰ আশাত ! অনুভৱ কৰিলো মোৰ দুচকু তিতি আহিছে আৰু নোৱাৰি সংযোগ বিচ্ছিন্ন কৰি ফোনটো টেবুলৰ ওপৰতে থৈ হুকহুকাই কান্দি দিলো মই জানো তাই আৰু কেতিয়াও মোক যোগাযোগ নকৰে তাই সুখী হোৱাৰ স্বাৰ্থতে মইও যোগাযোগ কৰিব নোৱাৰিম বৰ সোনকালে ভাগি ' আমাৰ সপোনবোৰ ভাগি পৰিলো মইও মই নাজানো মই তাইক কিমান বেছি ভাল পাইছিলো কিন্তু মোৰ সমস্ত ভালপোৱা আজিও তাইৰ নামতে , একেদৰেই আছে

" ' সপোন ৰুমলৈকে যাওগৈ নিজে কিবা এটা ৰান্ধি খাম ইয়াত কিবা এটা ভাললগা নাই "
"' "
 দিপৰ কথাত সন্মতি জনাই উঠি আহিলো মই তেনেদৰে টেবুলত মোৰ থৈ কান্দি থকা কথাটো সি হয়তো ভাল পোৱা নাছিল মোৰনো আৰু কি ?? ভাললগা বেয়ালগাবোৰ মোৰ বাবে অনুভৱৰ প্ৰাচীৰ ভাঙি কেতিয়াবাই মাত্ৰ এটা শব্দ হৈ পৰিছিল ।।


সংগীতা হাজৰিকা।                                           
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান।

চটাই।

No comments:

Post a Comment