বেটুপাত

বেটুপাত

Sunday, 24 September 2017

অহেতুক


 তোলৈ বুলি অনুভৱৰ দস্তাবেজত মোৰ একলম আজি বহুত কথাই মোৰ অন্তৰত গুজৰি-গুমৰি আছে তোকনো কি কম, কবলৈ হয়তো বহুতেই আছে, যিবোৰ সময়ৰ পাকচক্ৰত পৰি কোনোদিনে কোৱা নহ আজি তোক বন্ধু বুলি বলৈও মোৰ হৃদয়ে নামানে মোৰ যে অতীতৰ সেই দিনবোৰলৈ কেতিয়াবা বৰকৈ মনত পৰে তোৰ বাৰু মনত আছেনে??? মই কল্পনাই কৰা নাছিলো, আমাৰ বন্ধুত্ব যে ইমান ঠুনুকা কি কৰিবি এতিয়া তই বুজি পালেও বহুত পলম হৈ  

         কেতিয়াবা মনত পেলাবিচোন হায়াৰচেকেণ্ডেৰীৰ সেই দুটা বছৰলৈ, কিমান যে নলে-গলে লগা আছিল আমাৰ বন্ধুত্ব কিমান দিনৰ বাবে আমি ইজনী-সিজনীৰ ঘৰত গৈ থাকিছিলোগৈ তোৰ বাৰু মোৰ মায়ে বনাই দিয়া পিয়াজী কেইটালৈ মনত পৰেনে??? তই ভালপাওঁ বাবেই মায়ে তই লে পিয়াজী বনাইছিল, কেৱল তোৰ বাবে তোৰ বাৰু মনত আছেনে আমি যে কলেজৰ ৰাস্তাটোৰ পৰা চাৰিআলি লৈকে স্কুটিত ৰেচ লগাইছিলো এতিয়া সেই অতীতৰ মাজত মই কেতিয়াবা নিজকে বিচাৰি চাঁও কিন্তু এখন ধূসৰ ছবিহে যেন মোৰ দুচকুত ভাহি আহে          একমাত্ৰ তোক মোৰ প্ৰকৃত বান্ধৱী বুলি ভাবিছিলো বাবেই বি. পঢ়িবৰ বাবে আহি আমাৰ কলেজ পৃথক হোৱাৰ স্বত্বেও তোৰ লগত একেটা হোষ্টেলত থাকিবলৈ লৈছিলো বহু হেঁপাহেৰে আৰম্ভ কৰিছিলো, তোৰ তে মোৰ হোষ্টেলীয়া জীৱনৰ পাতনি কিন্তু আমাৰ এই বন্ধুত্ব চাগে আনৰ চকুত পৰিলে তইতো নাজান প্ৰথমে তোৰ বিৰুদ্ধে মোক উচতাইছিল, সেই বিষাক্ত কীটটোৱে কিন্তু মই সেইবোৰ কথাত ভুল নগলো তাৰ পাছতো তই কেনেদৰে আনৰ কথা শুনি মোক ইমান মানসিক আঘাত দিলি, সেইটোহে মই নুবুজিলো কিয় বাৰু তই আনৰ কথা শুনিয়েই মোক নামাতিবৰ বাবে শপত খাইছিলি মোৰ এইবাবে দুখ লাগে যে তঁহতি মোৰ ডায়েৰী খনকো বাদ নিদিলি
         মই বহুতবাৰ তোক বুজাবলৈ চেষ্টা কৰি শেষত ভাগৰি পৰিছিলো সেইবাবেই লাহে লাহে মই তোৰ পৰা আঁতৰি আহিব ধৰিলো এতিয়া মই ব্যস্ত মোৰ নিজা পৃথিৱীত তই হয়তো এতিয়া উপলব্ধি কৰিছ কিন্তু মই আৰু এতিয়া নিবিচাৰো আমাৰ বন্ধুত্ব ধৰি ৰাখিবৰ বাবে কাৰণ অবিশ্বাসী বন্ধুতকৈ যে শত্ৰুয়েই ভাল শেষত কওঁ কুশলে থাক তই এতিয়া আমি চিনাকী হৈও অচিনাকী দুয়োৰে বাবে এইয়ে হয়তো অহেতুক সময়ৰ পাকচক্ৰ
  ৰিম্পী গগৈ
 জগন্নাথ বৰুৱা মহাবিদ্যালয়  

No comments:

Post a Comment