বেটুপাত

বেটুপাত

Sunday, 24 September 2017

অৰণ্য মানব যাদব পায়েং



  সুবাস আলোচনীৰ কাৰ্যবাহী সম্পাদক কৌস্তুভ বৰায়ে ফোনযোগে গ্ৰহণ কৰিছিল অসম গৌৰৱ অৰণ্য মানৱ যাদৱ পায়েং দেৱৰ এক সাক্ষাৎকাৰ।
  
    তেওঁলোকৰ মাজত বহু সময় ধৰি হোৱা কথাবার্তা সমূহ সম্পাদিত ৰূপত প্ৰকাশ কৰা হ'ল।
প্ৰশ্ন:- ছাৰ আপোনাৰ জন্ম স্থান আৰু চন কি আছিল?

উত্তৰ:-মোৰ জন্ম ১৯৫৯ চনৰ ৩০ নৱেম্বৰত বৰঘোপ বৰনৈ চাপৰিত।



প্ৰশ্ন:- আপুনি বৰ্তমান অসমৰ তথা সমগ্ৰ বিশ্বৰে এজন জনপ্ৰিয় ব্যক্তি,কিন্তু আমি জনাত আপোনাৰ সৰু কালতো ইমান সুকলমে অতিবাহিত হোৱা নাছিল,আপোনাৰ জন্মৰ বিষয়ে জনাব নেকি?

উত্তৰ:-ল'ৰালি কালতো মই বহু দুখ কষ্টৰ মাজেৰে পাৰ কৰিছোঁ।মোৰ জন্মস্থানটো ঐতিহাসিক স্থান আছিলে।মোৰ জন্মহোৱা মৰ্গ সুঁতি নামৰ স্থানত ১৮২৬ খ্ৰীষ্টাব্দত য়াণ্ডাবুসন্ধিৰ আগত বৃটিছ আৰু মানৰ মাজত তয়াময়া ৰণ লাগিছিল।কিন্তু মোৰ বয়স 6 বছৰ মান হওঁতেই ১৯৬৫ চনত এক প্ৰলয়ংকাৰী বানে আমাৰ গাঁও খন ১০ কিলোমিটাৰ উটুৱাই নিয়ে।বৃটিছৰ দিনৰ জাহাজ ঘাট,ৰেল ট্ৰেক উটুৱাই নিয়ে।গোটেই গাঁও খনৰ মানুহবোৰ সকলো চেদেলিভেদেলি হৈ পৰিলে।মই যোৰহাটৰ এজন কোৰ্টৰ জৰ্জৰ ঘৰত তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে থাকি পঢ়িবলৈ ললোঁ।

প্ৰশ্ন:-আপুনি প্ৰকৃতিক ভাল পাবলৈ কেনেদৰে শিকিছিল?

উত্তৰ:-মই পঢ়া প্ৰাথমিক বিদ্যালয়ৰ কাষতেই ডঃ যাদুনাথ বেজবৰুৱা নামৰ এজন কৃষি বিজ্ঞানী আছিলে।তেওঁৰ তেওঁৰ ল'ৰা ছোৱালী মোৰ লগত একেখন বেঞ্চতে বহি পঢ়িছিল।তেখেতে আমাক শিকাইছিল গছক ভাল পাবলৈ,প্ৰতিপাল কৰিবলৈ,মৰম কৰিবলৈ।

প্ৰশ্ন:-আপুনি কেতিয়াৰ পৰা বৃক্ষ ৰোপণ আৰু প্ৰকৃতিৰ প্ৰতিপাল কৰিবলৈ আৰম্ভ কৰিছিল?

উত্তৰ:-মোৰ পানীয়ে খহাই নিয়া জন্ম স্থানটো সেই সময়ত বালিচৰলৈ পৰিৱৰ্তন হৈছিল।১৯৭৯ চনত অহা এক প্ৰলয়ঙ্কৰী বানে তালৈ বহুতো জাৱৰ কঢ়িয়াই আনিছিল,আৰু তাৰ লগতে শতাধিক সাপ কঢ়িয়াই আনিছিল।জেঠ মাহত হোৱা প্ৰচণ্ড খৰ আৰু গৰমৰ বাবে সাপ বোৰৰ মৃত্যু হৈছিল।সেই সাপৰ মৃত্যুত মৰ্মাহতহৈ মই এজন দেউৰী সম্প্ৰদায়ৰ ব্যক্তিক সাপ বোৰ নমৰিবৰ কাৰণে কি ব্যৱস্থা কৰিম সোধাত তেওঁ বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো অর্থাৎ বাঁহ ৰুবলৈ পৰামৰ্শ দিয়ে।মই ৫০ টা বাঁহৰ মুঢ়া আনি সাপ মৰা ঠাই ঘেৰিলৈ তাত ৰোপণ কৰিছিলোঁ।লাহে লাহে ৩৬ টা বছৰ পাৰ হ'ল,সেই বাঁহৰ মুঢ়া ৰোৱাৰ পৰা বৰ্তমান এক অতব্য অৰণ্যত পৰিৱৰ্তন হ'ল।

প্ৰশ্ন:-বৰ্ত্তমান আপোনাৰ অৰণ্য খনত গছৰ বাহিৰেও অন্য কিবা জীৱ জন্তু আছে নে ?

উত্তৰ:-হয়,তাত বৰ্তমান ঢেকীয়াপতিয়া বাঘ,শতাধিক হৰিণা,ডেৰশ মান হাতী,গড়,বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু,চৰাই আদি আছে।তালৈ প্ৰত্যেক বছৰে অসংখ্য।পৰিভ্ৰমী চৰাই আহে।

প্ৰশ্ন:- সামাজিক ভাৱে কিবা বাধাৰ সন্মুখীন হৈছে নেকি?

উত্তৰ:-হয়,হাতী বোৰে যেতিয়া মানুহৰ ঘৰ ভাঙিছিলে তেতিয়া মানুহে মোক মাৰিবলৈও আহিছিল।হাজাৰ হাজাৰ মানুহে অৰণ্যৰ গছ কাটিবলৈও আহিছিল।কিন্তু মই প্ৰতিবাদ কৰি প্ৰথমে মোক কাটিব লাগিব বুলি কৈ বহু বাকবিতন্ডাৰ পাছত অৰণ্য খন বচাবলৈ সক্ষম হৈছিলোঁ।সেই সময়ৰ অসমৰ কংগ্ৰেছ চৰকাৰে হাবি খন ধ্বংস কৰি তাত ঘৰ মানুহক ৯৬ ঘৰ মানুহ পুনঃ সংস্থাপন দিবলৈ চক্ৰান্ত কৰিছিল।সেই বোৰ বহুতো কষ্টৰে ৰাষ্ট্ৰপতিৰ লগত যোগাযোগ কৰি অৰণ্য খন বচাবলৈ সক্ষম হৈছিলোঁ।মই অসমৰ বাহিৰত থাকোতে অৰণ্য খনৰ ভিতৰৰ গঁড় হত্যা কৰা হৈছিল।যি কাৰ্যয়ে মোক বহুত কষ্ট দিছিলে।

আপুনি এতিয়ালৈকে কি কি সন্মান বা বটা লাভ কৰিছে?
উত্তৰ:- অসমৰ কোনো বিশ্ববিদ্যালয় বা চৰকাৰে কোনো ধৰণৰ সন্মান নিদিয়াৰ পাছত ৩০ বছৰৰ মুৰত অসমৰ তথা সৰ্বভাৰতীয় সংবাদ মাধ্যমে মোকলৈ বাতৰি সম্প্ৰচাৰ কৰিবলৈ লোৱাৰ পাছত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে মোক বিশ্ব ধৰিত্ৰী দিৱসৰ দিনা মাতি লৈ গৈ প্ৰথম বাৰৰ বাবে "ভাৰতৰ অৰণ্য মানৱ"(Forest Man Of India) সন্মান দিছিল।অসমত ৩ খনকৈ বিশ্ববিদ্যালয়,নিচেই কাষতে চাহ গৱেষণা কেন্দ্ৰই থকাত পাছত কোনো এখনে মোক কোনো দিনে পৰিবেশ সংৰক্ষণ সম্পৰ্কে এবাৰো যোগাযোগ নকৰাৰ বাবে মোৰ অতিকৈ দুখ লাগিছিল।প্ৰাক্তন ৰাষ্ট্ৰপতি এ.পি.জে আব্দুল কালাম দেৱে আঢ়ৈ লাখ টকাৰ চেক দি মূৰত হাত ফুৰাই কৈছিল,"বিশ্বৰ আটাইতকৈ ভাল কাম কৰাৰ বাবে তোমালৈ এই উপহাৰ প্ৰদান কৰিলো ।"
     অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং দেৱে পোৱা সন্মান সমূহৰ কিছু অংশ।
১) ২০১০ ত ২৫ জানুৱাৰী ধৰিত্ৰী দিৱসত "ফৰেষ্ট মেন অৱ ইণ্ডিয়া" সন্মান পাইছিলো।

২) ২০১৫ চনত পদ্মশ্ৰী বটা লাভ কৰিছিলো।

সুবাস আলোচনীৰ বিষয়ে দুৱাষাৰ

উত্তৰ: মই সুবাস আলোচনীখন অলপ চাইছো। ভাল হৈছে। তোমালোকে আগলৈও চেষ্ট অব্যাহত ৰাখা। তোমালোকে দেশৰ হৈ এই মনোবৃত্তি ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰসাৰত গুৰুত্ব দিয়া আৰু লগতে সাধাৰণ ৰাইজৰ বাবে কাম কৰা। এয়াই মোৰ আশা থাকিল।


No comments:

Post a Comment